নিৰ্বাচনী বতৰত বিধায়কে বোৱাইছে প্ৰেমৰ ধল! : ৰাজহুৱাকৈ ক’লে ‘আই লাভ ইউ অল’

index.jpgaaa

সমাগত বিধান সভা নিৰ্বাচন। আৰু কেইটামান দিনৰ পিছতেই আৰাম্ভ নিৰ্বাচনৰ ৰণ কৌশল।

কিন্তু দলীয় ৰণকৌশল প্ৰস্তুত হোৱাৰ পূৰ্বেই একাংশ মন্ত্ৰী বিধায়কে ভোটাৰক মোহিবলৈ চেষ্টা কৰিছে নিজস্ব আবেদনেৰে।

বিশ্বনাথত বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও আৰম্ভ কৰিছে নিজা ৰাজনৈতিক লীলা।

বিশ্বনাথ সত্যনাৰায়ণ ঠাকুৰবাৰী প্ৰাংগনত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে অনুষ্ঠানত উপস্থিত থকা ৰাইজক আকৰ্ষিত কৰাৰ বাবে প্ৰেম ভৰা ভাষাৰে সম্বোধন কৰি এক প্ৰকাৰে নিৰ্বাচনী ৰণকৌশল প্ৰয়োগ কৰা দেখা পোৱা গ’ল।

ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আয়োজিত এই যোগদান সভাত বিশ্বনাথ ঘাটৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে জড়িত প্ৰায় দুই শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে যোগদান কৰে।

এই যোগদান সভাত উপস্থিত থাকি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে উপস্থিত সকলোকে সম্বোধী কয় ‘আই লাভ ইউ অল’।

যোগদান সভাখনত ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰ, বিশ্বনাথ জিলা বিজেপিৰ উপ সভাপতি ডাঃ ৰঞ্জন গগৈ, মহিলা মৰ্চাৰ ৰাজ্যিকৰ সদস্যা স্নিগ্ধা শিখা হাজৰিকা, জিলা পৰিষদৰ সদস্য  সতেন্দ্ৰ হাজৰিকা, আঞ্চলিক পঞ্চায়তৰ উপ-সভাপতি ৰঞ্জিত কলিতা, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য আমিনুল ইছলাম, জিলা কাৰ্যনিৰ্বাহক সদস্য  প্ৰাঞ্জল গোস্বামী লগতে দলীয় কায্যকৰ্তা আৰু বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।