NORTHEAST NOW (Assamese)

শিৱসাগৰ-নাজিৰাত গুটখাৰ ৰমৰমীয়া বেহা; বিস্কুটৰ কাৰ্টুনত লুকুৱাই অনা বৃহৎ পৰিমাণৰ গুটখা জব্দ আৰক্ষীৰ

April 28, 2020 7:21 pm · পাৰ্শ্বজ্যোতি গগৈ
গাড়ীসহ জব্দকৃত গুটখাসমূহ, ফ'টো- নৰ্থ ইষ্ট নাও
ল’কডাউনৰ সময়ত গুটখাৰ অবৈধ বেহা। নাজিৰাত বিস্কুটৰ কাৰ্টুনত ওলাল বৃহৎ পৰিমাণৰ গুটখা। নাজিৰা আৰক্ষীয়ে জব্দ কৰে লক্ষাধিক পৰিমাণৰ গুটখা তথা ধঁপাতজাতীয় সামগ্ৰী।
ক’ৰ’না আতংকৰ বাবে এতিয়া সমগ্ৰ দেশত চলি আছে ল’কডাউন। যাৰ বাবে ৰাজ্য চৰকাৰে নিষিদ্ধ কৰি ৰাখিছে ধঁপাত, গুটখা জাতীয়া সামগ্ৰীৰ বিক্ৰী। কিন্তু নাজিৰাৰ লগতে শিৱসাগৰতো এচাম অসাধু ব্যৱসায়ীয়ে চলাই আছে গুটখা আৰু ধঁপাতৰ ৰমৰমীয়া ব্যৱসায়।
আজি পুৱা নাজিৰা আৰক্ষীৰ এটা দলে চহৰখনত বিস্কুটৰ কাৰ্টুন নমাই থকা অৱস্থাত বিস্কুটৰ কাৰ্টুনৰ মাজৰ পৰা বৃহৎ পৰিমাণৰ গুটখা আৰু ধঁপাত জাতীয় সামগ্ৰী উদ্ধাৰ কৰে।
গুৱাহাটীৰ পৰা নাজিৰা অভিমুখি AS01JC4678 নম্বৰৰ বিস্কুট কঢ়িয়াই অনা ইণ্ডিয়ান টবেক’ কোম্পানীৰ গাড়ীত বিস্কুটৰ কাৰ্টুনৰ মাজৰ পৰা  ওলাল বৃহৎ পকিমাণৰ গুটখা।
আৰক্ষীৰ চকুত ধূলি দি ইণ্ডিয়ান টবেক’ কোম্পানীৰ গাড়ীখনে বিস্কুটৰ কাৰ্টুনত এইদৰে লুকুৱাই আনিছিল গুটখা। বিকাশ চাহু নামৰ ব্যৱসায়ীজনে গুৱাহাটীৰ পৰা এইদৰে আনিছিল বৃহৎ পৰিমাণৰ গুটখাসমুহ।
নাজিৰা আৰক্ষীয়ে গুটখা তথা ধঁপাতজাতীয় সামগ্ৰী কঢ়িয়াই অনা ইণ্ডিয়ান টবেক’ কোম্পানীৰ গাড়ীখনৰ লগতে গুটখাসমুহ জব্দ কৰিছে আৰু বিকাশ চাহুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
উল্লেখ্য যে, ল’কডাউনৰ বাবে চৰকাৰে নিষিদ্ধ কৰি ৰখা শিখৰ, ৰজনীগন্ধা, ছিগনেচাৰ, কে.পি আদি গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীসমুহ একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰকৃত দামতকৈ তিন-চাৰিগুণ দামত বিক্ৰী কৰি আহিছে।
শিৱসাগৰৰ বিভিন্ন স্থানত অধিক দামত এই সমুহ গুটখা বিক্ৰী কৰি থকা হৈছে বুলি জানিব পৰা গৈছে। প্ৰশাসনক এনে ধৰণৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় একাংশ সচেতন ব্যক্তিয়ে।

Related News