উধমপুৰত বি এছ এফৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাঞ্জলা আদনান পাকিস্তানত নিহত

Udhampur attack Hanzla Adnan killed

২০১৫ চনত জম্মু-কাশ্মীৰৰ উধমপুৰত সীমান্ত নিৰাপত্তা বাহিনী, চমুকৈ বি এছ এফৰ কনভয়ত সংঘটিত আক্ৰমণৰ মাষ্টাৰমাইণ্ড সন্ত্ৰাসবাদী হাঞ্জলা আদনানক পাকিস্তানৰ কৰাচীত অজ্ঞাত বন্দুকধাৰীয়ে হত্যা কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, আদনান ২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছঈদৰ অত্যন্ত ঘনিষ্ঠ আছিল।

সোমবাৰে নিশা আদনানৰ ওপৰত তেওঁৰ ঘৰৰ বাহিৰতে গুলীচালনা কৰে অচিনাক্ত বন্দুকধাৰীয়ে।

আক্ৰমণৰ পিছত আদনানক গোপনে পাকিস্তানী সেনাই কৰাচীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে।

চাৰিটাকৈ গুলীৰ আঘাতত গুৰুতৰভাৱে আহত আদনানৰ আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

উল্লেখ্য যে, আদনানৰ পৰিকল্পনাতে ২০১৫ চনত উধমপুৰত বি এছ এফৰ কনভয়ৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল।

এই আক্ৰমণত বি এছ এফৰ ২ জন সৈন্যৰ মৃত্যু হয় আৰু আন ১৩ জন জোৱান আহত হয়।

সূত্ৰ অনুসৰি, হাঞ্জলা আদনানক পাকিস্তান অধিকৃত কাশ্মীৰৰ লস্কৰ-ই-তঈবা শিবিৰলৈ নতুনকৈ যোগদান কৰা সন্ত্ৰাসবাদী সদস্যক প্ৰশিক্ষণৰ বাবে নিয়োগ কৰা হৈছিল।