চি আৰ পি এফ জোৱান ইক্ৰাম হুছেইনৰ দিল্লীত জানাজা সম্পন্ন

পৰিয়াললৈ চি আৰ পি এফৰ ৫০ হাজাৰ টকা আৰ্থিক সাহায্য

দিল্লীত কৰ্মৰত অৱস্থাত কোভিড-১৯ত মৃত্যু হোৱা চি আৰ পি এফৰ উপ পৰিদৰ্শক ইক্ৰাম হুছেইনৰ সৰুপেটাৰ বাসগৃহত আজি চি আৰ পি এফৰ কামাণ্ডেন্ট উপস্থিত হৈ পৰিয়ালৰ দুখৰ সমভাগী হয়।

উল্লেখযোগ্য যে আজি দিল্লীতে ইক্ৰাম হুছেইনৰ জানাজা সম্পন্ন কৰা হয়। হুছেইনৰ পৰিয়ালে তেওঁৰ মৃতদেহ নিজ গৃহলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছিল যদিও কোভিড-১৯ত আক্ৰান্ত হোৱা হেতুকে মৃতদেহ নিজ গৃহলৈ অনাৰ অনুমতি প্ৰদান নকৰিলে।

হাউলীৰ চি আৰ পি এফৰ কামাণ্ডেন্ট আজি ইক্ৰাম হুছেইনৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গৰ সৈতে মিলিত হৈ পৰিয়ালবৰ্গক সমবেদনা জনোৱাৰ লগতে ৫০হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।

বৰপেটা জিলাৰ সৰুপেটা থানৰ অন্তৰ্গত বৰবড়িৰ ইক্ৰাম হুছেইনে দিল্লীত ৩১নং বেটেলিয়নৰ চি আৰ পি এফৰ উপ পৰিদৰ্শক হিচাপে কৰ্তব্যৰত অৱস্থাত কোভিড ১৯ত আক্ৰান্ত হয়। দিল্লীত চিকিৎসাধীন অৱস্থাতে কালি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

লগতে পঢ়ক ক’ৰ’নাৰ সংক্ৰমণত মৃত্যু দিল্লীত কৰ্মৰত সৰুপেটাৰ চি আৰ পি এফৰ জোৱান ইক্ৰাম হুছেইনৰ