মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

ৰাজ্যবাসীৰ মৰমকো নেওচা দি আজি চেন্নাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰা জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ মাতৃভূমিলৈ আনিব পৰা নগ’ল।

কোভিডত আক্ৰান্ত হোৱাৰ বাবেই অভিনেতাগৰাকীৰ মৃতদেহ অসমলৈ আনিব পৰা নগ’ল।

আজি সন্ধিয়া ৬:৩০ বজাত চেন্নাইত শেষকৃত্য সম্পন্ন হয় অভিনেতা কিশোৰ দাসৰ।

কোভিডত আক্ৰান্ত হোৱা বাবে অসমলৈ আনিবলৈ দিয়া নহ’ল নশ্বৰদেহ।

চেন্নাইৰ চিকিৎসালয়ত আজি পুৱতি নিশা ৩:৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতা গৰাকী।

তিনিশতাধিক মিউজিক ভিডিঅ’, ধাৰাবাহিক তথা চিনেমাত অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে।

মৃত্যুৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈছিল অভিনেতা গৰাকী।

অভিনেতাগৰাকীৰ অন্তিম ছবিখন হৈছে ’দাদা তুমি দুষ্ট বৰ’। ছবি খনে ২৪ জুনত মুক্তি পাইছিল।