‘অচিনাক্ত মৃতদেহৰ অভিভাৱক’ ‘অন্তিম সংস্কাৰৰ অগ্ৰদূত’ চৰীফ চাচাই লাভ কৰিলে পদ্মশ্ৰী

Sharif Chacha

উত্তৰপ্ৰদেশৰ চুলতানপুৰৰ আশী বছৰীয়া চাইকেল মেকানিক মোহাম্মদ চৰীফ ওৰফে চৰীফ চাচাক এইবাৰ ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে৷ সোমবাৰে হুইল চেয়াৰত বহি ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দৰ হাতৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰে চৰীফ চাচাই।

পদ্মশ্ৰী সন্মান ঘোষণাৰ খবৰ দিবলৈ সাংবাদিকে স্থানীয় মাজাৰৰ কাষত অচিনাক্ত মৃতদেহ সৎকাৰত ব্যস্ত থকা সহজ সৰল অমায়িক চৰীফ চাচাক বিচাৰি পাইছিল৷ সন্মান বঁটা বাহনক গুৰুত্ব নিদিয়া ব্যক্তি জনে কেৱল এটা কথাই কৈছিল “যোৱা ২৭ টা বছৰে অচিনাক্ত মৃতদেহ সৎকাৰ কৰি এটা কথায়েই শিকিলো, হিন্দু মুছলিম খ্ৰীষ্টিয়ান শিখ বুলি আমি একোৱে নহয়৷ অন্তিম মূহুৰ্তত একো একোটা শৰীৰহে আমি, মানৱ শৰীৰ মাত্ৰ।”

মোহাম্মদ চৰীফ বৃত্তিগতভাবে মৃতদেহ সৎকাৰক নাছিল৷ উত্তৰ প্ৰদেশৰ চুলতানপুৰ অঞ্চলৰ এজন চাইকেল মেকানিকৰূপে কৰ্মৰতহে আছিল তেওঁ৷ কি আছিল এনে কথা যিয়ে হঠাতে সহজ সৰল ব্যক্তি এজনক সমগ্ৰ অচিনাক্ত আৰু অনাথ মৃতদেহৰ অভিভাৱক কৰি তুলিলে?

১৯৯৩ চনৰ কথা, বাবৰী মচজিদ ধ্বংসৰ পিছত অযোধ্যাৰ উত্তপ্ত পৰিবেশ৷ পঁচিশ বছৰীয়া সুঠাম যুবক মোহাম্মদ ৰইচ ঔষধ আনিবৰ বাবে চুলতানপুৰলৈ গৈ নিখোজ হ’ল ৷ সম্ভবপৰ সকলো ঠাইতে বিচাৰ খোচাৰ কৰিও মোহাম্মদ ৰইচৰ কোনো সন্ধান পোৱা নগল৷ প্ৰায় এমাহৰ পিছত স্থানীয় আৰক্ষীয়ে মোহাম্মদ ৰইচৰ চাৰ্টত লগাই দিয়া দৰ্জী দোকানৰ নামৰ সৰু কাপোৰৰ টুকুৰাৰে পিতৃ চৰীফক বিচাৰি মোহাম্মদ ৰইচৰ অভিভাৱকৰ সম্ভেদ উলিয়ায়৷ পৰিয়ালটোক উকা কৰি ৰহস্যজনক ভাবে মৃত্যু হোৱা মোহাম্মদ ৰইচৰ মৃতদেহ উত্তৰ প্ৰদেশৰ নগৰ নিগম পৰিষদে অচিনাক্ত আৰু অভিভাৱকহীন মৃতদেহ হিচাপে এমাহৰ পূৰ্বেই সৎকাৰ কৰি পেলাইছিল৷

নিজৰ ডেকা পুত্ৰ ৰইচৰ মুখ অন্তিমবাৰৰ বাবে চাব নোপোৱা আৰু ধাৰ্মিক ৰীতি মতে নিজে সৎকাৰ কৰিব নোপোৱাৰ দুখে মোহাম্মদ চৰীফৰ সম্পূৰ্ণ পৰিয়ালটোকে বিচলিত কৰিছিল৷ নিজৰ চকুৰ আগত হোৱা এই ঘটনাই দূৰ্ভগীয়া পিতৃ মোহাম্মদ চৰীফৰ জীৱন সলনি কৰি দিছিল৷

“মই সেইদিনাই প্ৰতিজ্ঞা কৰিছিলো অযোধ্যাৰ পূণ্য ভুমিত আজিৰ পৰা আৰু কোনো মৃতদেহেই অচিনাক্ত আৰু অভিভাৱকহীন হৈ নাথাকিব৷ হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, শিখ যিয়েই নহওক কিয় প্ৰতিজনেই স্বধৰ্মীয় অন্তিম সৎকাৰৰ পৰা বঞ্চিত নহ’ব৷”

সেইদিনাৰ পৰাই উত্তৰপ্ৰদেশৰ প্ৰতিটো অচিনাক্ত মৃতদেহৰ অভিভাৱক হিচাপে চিহ্নিত হল আশী উৰ্ধৰ চাইকেল মেকানিক মোহাম্মদ চৰীফ যাক সকলোৱে চৰীফ চাচা বুলিয়ে সম্বোধন কৰে মৰমেৰে৷

উত্তৰ প্ৰদেশৰ প্ৰতিখন নগৰ নিগমেই অচিনাক্ত মৃতদেহৰ খবৰ পালেই চৰীফ চাচালৈ ফোন কৰে৷ বৰ্ষীয়াণ ব্যক্তি জনে মূহুৰ্ততে চাইকেলখনেৰে সেই ঠাইত হাজিৰ হৈ নিজৰ মানৱীয় কৰ্তব্যবোধ সমাপন কৰে৷

নিজৰ আত্মীয় আৰু নিকট সকলৰ মৃত্যুৱে মানুহৰ হৃদয় ভাঙি চাৰখাৰ কৰি পেলায়৷ বহু সময়ত নিকট জনক হেৰুৱাৰ দুখে একো একোটা পৰিয়ালক বহু যুগলৈ দুখৰ সাগৰত ডুবাই থৈ যায়৷ কিন্তু নিজ পুত্ৰ মৃত্যু আৰু অনাথ মৃতদেহৰ দৰে অন্তিম সংস্কাৰ পোৱা হৃদয় ভঙা অভিজ্ঞতাই উত্তৰ প্ৰদেশক দিলে “মৃতদেহৰ শান্তি দূত” চৰীফ চাচাৰ জন্ম ৷ হয়তো আপোন জনক হেৰুওৱাৰ সুতীব্ৰ বেদনাই মানসিক ভাবে ভাঙি পৰাতকৈ চৰীফ চাচাৰ মনত মানৱীয় কৰ্তব্যবোধৰ জন্ম দিছিল৷

এতিয়ালৈকে প্ৰায় পঁচিশ হাজাৰৰো অধিক অচিনাক্ত আৰু অনাথ মৃতদেহৰ অন্তিম সংস্কাৰ কৰা চৰীফ চাচাৰ বাবে মানৱ জীৱনৰ চিৰন্তন সত্যটো ধৰ্ম নহয় বৰং শৰীৰ এটা মাত্ৰ যিটো মানৱ শৰীৰৰ বাহিৰে আন একো নহয়৷

হিন্দু মৃতদেহৰ মুখাগ্নি আৰু মুছলিম মৃতদেহৰ জানাজা কৰা চৰীফ চাচা এতিয়ালৈকে থমকি ৰোৱা নাই৷