NORTHEAST NOW (Assamese)

১৫ হাজাৰ টকা উৎকোচ বিচাৰি মৰিগাঁৱত গ্ৰেপ্তাৰ লাট মণ্ডল

June 26, 2023 6:29 pm · এন ই নাও নিউজ, গুৱাহাটী

মৰিগাঁও জিলাৰ মৰিগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ আন এজন লাট মণ্ডলক সোমবাৰে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ বিষয়াই গ্ৰেপ্তাৰ কৰে।

বিষয়াসকলে জানিবলৈ দিয়া মতে, ধৃত লাট মণ্ডলজন মৰিগাঁও ৰাজহ চক্ৰত নিযুক্ত হৈ থকা নবজ্যোতি নাথ বুলি চিনাক্ত কৰা হৈছে।

অভিযোগকাৰীৰ পৰা ১৫ হাজাৰ টকাৰ উৎকোচৰ ধন গ্ৰহণ কৰি থকা অৱস্থাত তেওঁক কাৰ্যালয়ৰ ঠিক সন্মুখতে গ্ৰেপ্তাৰ হয়।

লগতে পঢ়কঃ অদ্ভুত কাণ্ড! স্কুটাৰত ৭টা শিশুকে ধৰি চালক; ভাইৰেল ভিডিঅ’ দেখি আতংকিত নেটিজেন, গ্ৰেপ্তাৰ অভিযুক্ত

তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে কৰা এটা টুইটত লিখিছে, “আজি @DIR_VAC_ASSAM-য়ে মৰিগাঁও ৰাজহ চক্ৰৰ লাট মণ্ডল নবজ্যোতি নাথক মৰিগাঁও চক্ৰ কাৰ্যালয়ৰ সন্মুখত নামজাৰীৰ প্ৰক্ৰিয়াৰ বাবে উৎকোচ হিচাপে ১৫,০০০/- টকা গ্ৰহণ কৰাৰ সময়ত হাতেলোটে ধৰা পেলায়।”

বিগত কেইমাহমানৰ পৰা তদাৰকী আৰু দুৰ্নীতি নিবাৰকে কেইবাটাও লাট মণ্ডলৰ লগতে ৰাজহ বিভাগৰ সৈতে জড়িত অন্যান্য বিষয়াকো গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়কঃ পৰকীয়াৰ পৰিণতি! পত্নীৰ প্ৰেমিকৰ ডিঙি কাটি তেজ পান কৰিলে স্বামীয়ে

বেছিভাগ ক্ষেত্ৰতে বিষয়াসকলে কিছুমান চৰকাৰী কাম সম্পূৰ্ণ কৰাৰ বাবে মানুহৰ পৰা উৎকোচ দাবী কৰা বা গ্ৰহণ কৰা দেখা যায়। কেতিয়াবা, আনকি অবৈধভাৱে নথি-পত্ৰ যুগুতাই দিয়াৰ বাবেও ধন দাবী কৰাৰ প্ৰৱণতা দেখা যায়।

Related News