অসমত আজি কিমান লোক হ’ল কোভিডত আক্ৰান্ত, কিমানৰ মৃত্যু?

docto

ৰাজ্যত আজি কোভিড পজিটিভিটিৰ হাৰ পাঁচ শতাংশতকৈ কম হৈছে।

আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে ৬১ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৪১৭৮ গৰাকী লোক ।
আজি ১০২৯২২ টা কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ৩৮৩

গৰাকী লোক । কোভিড পজিটিভিটিৰ হাৰ হৈছে ৪.০৬ শতাংশ ।

এই সময়ছোৱাত ৰোগমুক্তিৰ হাৰ হৈছে ৮৬.৭০ শতাংশ ।

অসমত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ধাৰাবাহিক ভাবে ৪ অথবা ৫ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ ভালে খিনি উন্নতি ঘটা বুলি ধাৰণা কৰিব পাৰি।

১৫ জুনৰ ভিতৰত অসমত কোভিড পৰিস্থিতিৰ উন্নতি ঘটিব বুলি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি আহিছে।