আৰক্ষীৰ জিম্মাত থকা গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ সাক্ষাৎকাৰৰ সন্দৰ্ভত পঞ্জাৱ আৰক্ষীয়ে উপ অধীক্ষক (ডি এছ পি) পদৰ দুজন বিষয়াকে ধৰি ৭জন আৰক্ষীক নিলম্বন কৰিছে।
সংবাদ সংস্থা পিটিআইৰ মতে, পঞ্জাৱ আৰক্ষীৰ বিশেষ তদন্তকাৰী দল (এছআইটি)ৰ নেতৃত্বত আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান (মানৱ অধিকাৰ)ৰ মতে বিষ্ণোই পঞ্জাৱ আৰক্ষীৰ জিম্মাত থকাৰ সময়তে মহালীৰ খৰাৰত এক সাক্ষাৎকাৰ লোৱা হৈছিল দ্বিতীয়টো সাক্ষাৎকাৰ ৰাজস্থানত লোৱা হৈছিল।
এছ আই টিয়ে এই সাতজন কৰ্মীক কৰ্তব্য অৱহেলাৰ দোষী সাব্যস্ত কৰাৰ পিছত তেওঁলোকক নিলম্বন কৰা হৈছে।
শুকুৰবাৰে (২৫ অক্টোবৰ) পঞ্জাৱৰ গৃহ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি ডি এছ পি গুৰশ্বেৰ সিং সন্ধু, ডি এছ পি সমৰ বনীত, উপ-পৰিদৰ্শক ৰীনা (চি আই এ খৰাৰ), উপ-পৰিদৰ্শক জগতপাল জাংগু, উপ-পৰিদৰ্শক শগনজীত সিং, সহকাৰী উপ- পৰিদৰ্শক মুখতিয়াৰ সিং আৰু মুখ্য কনিষ্টবল ওম প্ৰকাশক নিলম্বন কৰা হৈছে।
আদেশত কোৱা হৈছিল, ‘বিষয়টোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি ওপৰত উল্লেখ কৰা সকলো বিষয়াক নিলম্বন কৰা হৈছে।’
এছ আই টিৰ প্ৰতিবেদনৰ উদ্ধৃতি দি গৃহ সচিবৰ নিৰ্দেশত কোৱা হৈছে যে ২০২২ চনৰ ৩ আৰু ৪ ছেপ্টেম্বৰৰ মাজৰ নিশা ব্যক্তিগত টেলিভিছন চেনেলত সম্প্ৰচাৰিত বিষ্ণোইৰ সাক্ষাৎকাৰ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে লোৱা হৈছিল।
যোৱা বছৰৰ মাৰ্চ মাহত এটা ব্যক্তিগত নিউজ চেনেলে বিষ্ণুইৰ দুটা সাক্ষাৎকাৰ সম্প্ৰচাৰ কৰিছিল। প্ৰথম সাক্ষাৎকাৰটো মোহালীৰ এছ এ এছ নগৰৰ অধীনস্থ খৰাৰ চি আই এ (ক্ৰিমিনেল ইনভেষ্টিগেচন এজেন্সী) ষ্টাফৰ চৌহদত অনুষ্ঠিত হয়। আনহাতে, দ্বিতীয়টো সাক্ষাৎকাৰ লোৱা হৈছিল যেতিয়া বিষ্ণোই জয়পুৰ কেন্দ্ৰীয় কাৰাগাৰত আছিল।
কাৰাগাৰ চৌহদত কয়দীসকলে মোবাইল ফোন ব্যৱহাৰৰ সৈতে জড়িত এক গোচৰত এছ আই টিয়ে জুলাই মাহত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিছিল।
উল্লেখযোগ্য যে ২০২২ চনত পঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মূছেৱালাৰ হত্যাকাণ্ডৰ অভিযুক্তৰ ভিতৰত বিষ্ণোই অন্যতম। বছৰ বছৰ ধৰি বিষ্ণোইৰ নাম বহু হাই-প্ৰফাইল গোচৰৰ সৈতে জড়িত হৈ আছে।