অজুহাত মন্দাৱস্থা! বছৰৰ আৰম্ভণিতে নিশাটোৰ ভিতৰতে চাকৰি হেৰুৱাইছে গুগলৰ শতাধিক কৰ্মীয়ে

বজাৰত মন্দাৱস্থা। খৰচ চম্ভালাটো অসম্ভৱ হৈ পৰিছে। শ্বেয়াৰ চেট, পেটিএমৰ পথেৰে এইবাৰ গুগলৰ ১০০০ৰো অধিক কৰ্মীয়ে চাকৰি পৰা হেৰুৱাইছে। আন এটা টেক জায়েন্ট আমাজনেও একে পথেৰেই আগবাঢ়িবলৈ সাজু হৈছে। খবৰ অনুসৰি বুধবাৰে সংস্থাটোৰ ভিতৰতে এক অধিসূচনা জাৰি কৰা হৈছে। গুগলে ডিজিটেল এচিষ্টেণ্ট, হাৰ্ডৱেৰ আৰু ইঞ্জিনিয়াৰিং টিমৰ পৰা শতাধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা বুলি জানিব পৰা গৈছে।

কোম্পানীটোৰ মতে, যিসকলে ভইচ ভিত্তিক গুগল এচিষ্টেণ্ট আৰু অগমেণ্টেড ৰিয়েলিটি হাৰ্ডৱেৰ টিমত কাম কৰিছিল, তেওঁলোকেই এই ছাটাইৰ ফলত প্ৰভাৱিত হৈছে। কোম্পানীটোৰ কেন্দ্ৰীয় অভিযান্ত্ৰিক সংস্থাৰ কৰ্মচাৰীসকলো এই ছাটাইৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। আলফাবেটে নিজৰ বহু ভয়েচ ভিত্তিক গুগল এচিষ্টেণ্টৰ পদ কৰ্তন কৰিবলৈ সাজু হৈছে।

লগতে পঢ়কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, ৰাজপৰিয়ালৰ সন্তান, ৰে’লৰ বাবে অপেক্ষা ষ্টেচনত! মন জয় কৰিলে গজপতিয়ে

কৰ’নাৰ আঘাতৰ সৈতে মোকাবিলা কৰাৰ পিছৰে পৰা আলফাবেট কোম্পানীয়ে পৰ্যায়ক্ৰমে ছাটাইৰ পথত আগবাঢ়িছে। ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি গুগলৰ কৰ্মচাৰীৰ ওপৰত পৰিছে। কেতিয়াবা শতাধিক, কেতিয়াবা সহস্ৰাধিক শ্ৰমিকক বিভিন্ন বিভাগৰ পৰা অপসাৰণ কৰা হৈছে। তাৰে খেও ধৰি বহু পদ কৰ্তন কৰা হৈছে। বহুলোকে কাম হেৰুৱাইছে। এইবাৰৰ ছাটাই সেই প্ৰক্ৰিয়াৰে এক পদক্ষেপ বুলি কোৱা হৈছে।

আনহাতে, আমাজনৰ প্ৰাইম ভিডিঅ’ আৰু এম জি এম ষ্টুডিঅ’ৰ পৰা কৰ্মচাৰী ছাটাই কৰা হ’ব। প্ৰাইম ভিডিঅ’ আৰু আমাজন এম জি এম ষ্টুডিঅ’ৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেন্ট মাইক হপকিন্সে কয় যে কোম্পানীটোৱে কেইবাটাও ক্ষেত্ৰত বিনিয়োগ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।