ব্যক্তিগত সংস্থাক ঠিকা দি এক ৰমৰমীয়া চাকৰিৰ বেহা তথা ছিণ্ডিকেট চলাইছে নেতা-মন্ত্ৰীয়ে : দেবব্ৰত শইকীয়া

Debabrata-Saikia8-768x469

অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া। ফাইল ফটো

ৰাজ্য চৰকাৰে চাকৰিৰ নামত খোলা বেহা ইতিমধ্যে, ৰাইজৰ আগত মুকলিকৈ ফাদিল হৈ পৰিছে। যোৱা চাৰে চাৰিটা বছৰত বিভিন্ন চৰকাৰী বিভাগৰ নিযুক্তিত কেতবোৰ ব্যক্তিগত খণ্ডৰ সংস্থাক ঠিকা দি এক ৰমৰমীয়া চাকৰিৰ বেহা তথা ছিণ্ডিকেট অসম চৰকাৰৰ বহুতো নেতা, মন্ত্ৰীয়ে চলাই আছে।

এই মন্তব্য বিধানসভাৰ বিৰোধী নেতা দেবব্ৰত শইকীয়াৰ।

‘’এই ছিণ্ডিকেটত এটা বিশেষ নীতি আদৰ্শক বিশ্বাস কৰিলে বা কেতবোৰ দালালক ধন দিলেই অসমত চৰকাৰী চাকৰি পাৱ পাৰি। ইয়াৰ জলন্ত আৰু শেহতীয়া উদাহৰণ ৰাইজে SI পৰীক্ষাৰ নিযুক্তিত হোৱা পেপাৰ ফাদিল হোৱা ঘটনা তথা এই কেলেংকাৰীত নাম সাঙোৰ খোৱা বিজেপি দলৰ বহুতো নেতা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী আমোলা সকলৰ নামৰ পৰাই পাইছে’’-শইকীয়াই কয়।

তেওঁ কয় যে মুঠ ৫৯৭ টা পদৰ বাবে ৬৬,০০০ নিবনুৱাই আৱেদন কৰিছিল। এই কেলেংকাৰীত জড়িত বহুতো দালাল অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ইয়াৰ লগত নাম সাঙোৰ খোৱা বহুতো উচ্চ পৰ্যায়ৰ নেতা তথা দালালক একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই আৰক্ষীৰ আওতালৈ অনা হোৱা নাই।

বিৰোধী নেতাগৰাকীয়ে কয়, আজি কিছুদিন আগতে গ্ৰেপ্তাৰ কৰা সঞ্জীৱ নাথ নামৰ দালাল জনৰ ঘৰত আৰক্ষী অভিযান চলাওতে জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ড পোৱা গৈছিল। আমি যদি ভালকৈ চাও এই কেলেংকাৰীটোৰ লগত অক্ষয় কমিউনিকেশ্বন, এম.এন টেক আদি প্ৰতিষ্ঠা সমূহ জৰিত হৈ আছে। এই প্ৰতিষ্ঠান সমূহৰ কেতবোৰ দালালে চাকৰিৰ নামত নিবনুৱা সকলৰ পৰা পইছা সংগ্ৰহ কৰিছিল আৰু আৰক্ষীয়ে বঙাইগাঁও, ধুবৰীৰ পৰা ৫ কোটি টকা জব্দ কৰিবলৈ সক্ষম হ’ল। কিন্তু জেৰা কৰা ব্যক্তি সকলৰ পৰা এনেকুৱাকৈ আৰু কিমান ধন কাৰ কাৰ পৰা সংগ্ৰহ কৰা হৈছিল, সেয়া অসম আৰক্ষীয়ে ইচ্ছাকৃতভাৱে হওক বা অন্য কোনো কাৰণবশতঃ উলিয়াবলৈ সক্ষম হোৱা নাই।

শইকীয়াই অভিযোগ কৰে যে ‘’আমাৰ তথ্য অনুসৰি এক বুজন পৰিমাণৰ ধন আৰক্ষীয়ে জব্দ কৰিছে আৰু এই টকা কোনো ৰাজনৈতিক ছত্ৰছায়াত পোহৰলৈ অহা নাই।‘’

তেওঁ লগতে  অভিযোগ কৰি কয়, ‘’ঠিক তেনেকৈ জলসিঞ্চন বিভাগৰ পদ্ম ঘোষিত ৩৯৭ টা Section Assistant ৰ পদৰ নিযুক্তিটো কেতবোৰ বিসংগতি, খেলিমেলি তথা কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে। কিয়নো যি নিযুক্তি তালিকা ৱেবছাইটত প্ৰকাশ কৰা হ’ল তাত বহুতো নীতি-নিয়ম উলংঘা কৰা হৈছে। ১৯৯৭ চনৰ জলসিঞ্চন বিভাগৰ নিযুক্তিৰ বাবে যি বিধি প্ৰস্তুত কৰা হৈছিল, সেই অনুসৰি এনেধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত জিলা ভিত্তিক নিযুক্তি কমিটীৰ গঠন কৰিহে নিযুক্তি প্ৰদান কৰিব লাগে। কিন্তু উত্থাপিত অভিযোগ অনুসৰি বহু জিলাত এনেধৰণৰ কমিটীৰ গঠনে নহ’ল আৰু যি তালিকা ৱেবছাইটত প্ৰকাশ কৰিছিল, তাত কোনো বিভাগীয় উচ্চ পদস্থ চৰকাৰী বিষয়াৰ ছীল-মোহৰ নাছিল। তেনেক্ষেত্ৰত নিয়ম উলংঘা কৰি অসম চৰকাৰে কেনেকৈ নিযুক্তি প্ৰদান কৰিলে? এয়া এক চৰম দুৰ্নীতি নহয় নে?’’

‘’তাৰ উপৰিও যি সংস্থাক এই পৰীক্ষাৰ ঠিকা দিয়া হৈছিল APTECH এটা ব্লেক লিষ্টেড্ কোম্পানী আৰু এই কথা আমি ইতিপূৰ্বে ৰাইজক সংবাদ মাধ্যমৰ যোগেদি জনাইছোঁ,’’-তেওঁ কয়।

শইকীয়াই লগতে দাবী কৰি কয়, ‘’সেয়েহে দালালৰ যোগেদি ধনৰ লেন-দেন কৰি অসমীয়া নিবনুৱাক প্ৰতাৰণা কৰি যি এক কেলেংকাৰী ৰাজ্য চৰকাৰে সংঘটিত কৰিলে, তাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি, স্বচ্ছ শাসন, দুৰ্নীতি মুক্ত চৰকাৰৰ দোহাই দি থকা মুখ্যমন্ত্ৰী মহোদয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশৰ তত্বাৱধানত তদন্ত কৰিবলৈ মই দাবী জনাইছোঁ।‘’