৭০টা সংগঠনৰ সংবাদমেল; “ৰাইজক মোদী চৰকাৰ লাগে নে অসমীয়া জাতিটো লাগে?” প্ৰশ্ন অখিল গগৈৰ

“বিজেপি আৰু মিত্ৰজোঁটৰ বিপক্ষে অসমৰ ৰাইজে ভোটদান কৰিব লাগে”, পলাশ চাংমাই

প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইঘণ্টামান বাকী থকা অৱস্থাত আজি ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই এখন সংবাদমেল আয়োজন কৰি বিজেপিৰ পৰা আহিব পৰা বিপদ সম্পৰ্কে সকীয়াই দিয়ে।

কৃষক মুক্তিৰ স্থিতি দোহাৰি সংগঠনটোৰ নেতা অখিল গগৈয়ে প্ৰত্যেকজন জাতীয়তাবাদী চেতনাৰ মানুহক বিজেপিক পৰাভূত কৰাৰ বাবে আহ্বান জনায়।

“প্ৰত্যেকজন জাতীয়তাবাদী চেতনা থকা মানুহে বিজেপিক পৰাভূত কৰিবৰ বাবে আগুৱাই আহিব লাগে।” কৃষক মুক্তিৰ গান্ধীবস্তিস্থিত কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদমেলত গগৈয়ে কয়।

একাংশ সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভতো সৰৱ হৈ অখিল গগৈয়ে কয়, “কিছুমান সংবাদ মাধ্যমে মোদী চৰকাৰ আহিব বুলি প্ৰচাৰ কৰি আছে, বিশেষকৈ নিউজ লাইভ নামৰ চেনেলটো অন্যতম। এই চেনেলৰ কথাত ভুল গৈ ৰাইজে মোদীক সমৰ্থন নকৰিব।”

সংবাদমেলখনত উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ো গেৰুৱা দলটোক সমালোচনা কৰে।

“নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথাটো কোনোপধ্যেই মানি নলওঁ। সেয়েহে নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটৰ বিপক্ষে অসমৰ ৰাইজে ভোটদান কৰিব লাগে”, পলাশ চাংমায়ে কয়।

চাংমায়ে কয় যে বিশ্ব হিন্দু পৰিষদৰ বাংলাদেশৰ নেতাই ইতিমধ্যে কৈ দিছে যে হিন্দুক নাগৰিকত্ব দিয়া বিধেয়ক গৃহীত হ’লে বাংলাদেশৰ ২.৫০ কোটি হিন্দু লোক ভাৰতলৈ গুচি আহিব। মানুহ নানো বুলি বিজেপিয়ে কোৱা নাই এতিয়ালৈকে। বিদেশী আনিবই তেওঁলোকে।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো শাসক দলটোৰ ইস্তাহাৰত উল্লেখ নথকাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি কয় পলাশ চাংমায়ে।

ভোটাৰৰ ভোটদানৰ পচন্দ সম্পৰ্কত মত দাঙি ধৰি চাংমায়ে কয়, “নির্দিষ্ট দলৰ সপক্ষত কেতিয়াও ক’ব নোৱাৰো। এ আই য়ু ডি এফক সাম্প্ৰদায়িক দল বুলি আগতেই কোৱা হৈছে”।

আনহাতে সংগঠনকেইটাৰ প্ৰতিনিধিসকলে বিশ্বনাথৰ গো-মাংস কেন্দ্ৰিক ঘটনাটোৰ সোনকালে তদন্তৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। দোষী কৰায়ত্ত কৰি শাস্তি বিহাৰ দাবী জনায় সংগঠনকেইটাই।