NORTHEAST NOW (Assamese)

অমিত শ্বাহৰ পৰা ৰাজনাথ সিঙলৈ সকলোৱে স্বীকাৰ কৰিছে ড০ মনমোহন সিঙৰ অৱদান

December 27, 2024 11:34 am · এন ই নাও নিউজ, গুৱাহাটী

এইসময়ত বিৰোধীয়ে ‘মৌনমোহন বুলি ঠাট্টা কৰিছিল। বিৰোধীয়ে অভিযোগ কৰে যে,  তেওঁ এজন দুৰ্বল প্ৰধানমন্ত্ৰী হোৱাৰ বাবেই চৰকাৰে নীতিগত পক্ষাঘাতৰ সন্মুখীন হবলগীয়া হৈছে। কোৱা হৈছিল, সেইবাবেই ভাৰতীয় ৰাজনীতি সৰ্বোপৰি দুৰ্নীতিৰ সাক্ষী, যিয়ে দেশৰ অৰ্থনীতিতো প্ৰভাৱ পেলাইছে। কিন্তু আজি মনমোহন সিঙৰ মৃত্যুৰ পাছতো তেওঁৰ কৃতিত্বক ভাৰতীয় অৰ্থনীতিৰ উদাৰীকৰণৰ মূল গঢ়োতা হিচাপে মানি লবলৈ কুণ্ঠাবোধ কৰা নাই বিৰোধী নেতাসকলে।

মনমোহন যুগত একেৰাহে দুৰ্নীতিৰ অভিযোগে বহুলাংশে বিজেপিৰ ক্ষমতালৈ ঘূৰি অহাৰ পথ প্ৰশস্ত কৰিছিল। এইটো সঁচা যে দুৰ্নীতিৰ বেছিভাগ অভিযোগ পাছত প্ৰমাণিত নহল। কিন্তু, ৰাজনীতিবিদসকলৰ মতে, সেই সময়ৰ বিৰোধীয়ে প্ৰচাৰক ইমানেই লৈ গৈছিল যে দুৰ্নীতি আৰু ইউপিএ চৰকাৰৰ সমাৰ্থক হৈ পৰিছিল। বিশেষকৈ দ্বিতীয় ইউ পি এৰ সময়ছোৱাত মনমোহনে চৰকাৰৰ ওপৰত প্ৰধানমন্ত্ৰী হিচাপে সম্পূৰ্ণ কৰ্তৃত্ব হেৰুৱাই পেলোৱাত বিজেপিৰ নেতাসকলে প্ৰচাৰত ধুমুহাৰ সৃষ্টি কৰিছিল।

কিন্তু আজি বিৰোধী নেতাসকলেও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে ভাৰতীয় অৰ্থনীতি বিশ্বৰ সন্মুখত মুকলি কৰি উদাৰীকৰণৰ পথত খোজ দিবলৈ মনমোহন সিঙৰ সাহস প্ৰশংসনীয়। বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জেপি নড্ডাই কয় যে মনমোহন সিঙৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ আছিল এজন দূৰদৰ্শী ৰাষ্ট্ৰনেতা আৰু ভাৰতীয় ৰাজনীতিৰ এজন উচ্চ আসনৰ ব্যক্তি। জনসেৱাৰ অসাধাৰণ জীৱনৰ সমগ্ৰ সময়ছোৱাত তেওঁ নিপীড়িত জনসাধাৰণৰ কল্যাণৰ বাবে সদায় উপস্থিত আছিল।

নব্বৈৰ দশকৰ আৰম্ভণিতে পিভি নৰসিংহ ৰাওৰ চৰকাৰত যেতিয়া তেওঁ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া ভাৰতৰ অৰ্থনীতি থৰক-বৰক হৈ পৰিছিল। দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত কাৰ্যতঃ শূন্যলৈ নামি আহিছিল। দেশৰ সামগ্ৰিক ৰাজনৈতিক অশান্তিৰ বাবে মূল্যবৃদ্ধি দেখা দিছিল। নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰশংসা কৰে যে এই পৰিস্থিতিত বিত্তমন্ত্ৰী হিচাপে মনমোহনে দেশ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কয়, “কঠিন সময়ত দেশৰ অৰ্থনীতি পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত মনমোহন সিঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।” ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা সদায় স্মৰণীয় হৈ থাকিব।” ৰাজনৈতিক বিৰোধিতা সত্ত্বেও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতৰ অৰ্থনীতি ঘূৰাই অনাৰ ক্ষেত্ৰত মনমোহনৰ মূল ব্যক্তিত্ব হিচাপে স্বীকাৰ কৰিছে। তেওঁ কয়, “মনমোহন সিং ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, বিত্তমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ব্যক্তি।এজন বিত্তমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে পাহৰিব নোৱাৰি।”

Related News