অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছত নেতৃত্বকেন্দ্ৰিক সংঘাত

Leadership battle in INTUC Assam chapter

অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছত আৰম্ভ হৈছে নেতৃত্বকেন্দ্ৰিক সংঘাত। ২৯ জুলাই ২০২০ত অনুষ্ঠিত সংবাদমেলক অসাংবিধানিক আখ্যা দিছে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে।

২৯ জুলাই ২০২০ত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ পল্টনবজাৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ সভাপতি আৰু উপ সভাপতি বুলি কৈছিল ক্ৰমে হিৰণ্য বৰা আৰু কিৰিপ চলিহাই।

ইয়াক ভুৱা,মনে সজা, ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ সংবিধানৰ বিৰোধী আৰু অপপ্ৰচাৰ বুলি কয় জ্যেষ্ঠ কংগ্ৰেছ নেতা বৰকটকীয়ে।

ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ নিৰ্বাচিত সভাপতি মই বুলি উল্লেখ কৰি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত বৰকটকীয়ে কয় ‘অসম শাখাৰ সংগঠনটো সুকলমে পল্টনবজাৰ কাৰ্যালয়ৰ পৰা চলাই আছো। অন্যান্য শ্ৰমিক সংগঠন বোৰে এই কথা ভালকৈ জানে। এই কাৰ্যালয়ৰ পৰাই আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম চলাই আছো’।

আনহাতে ২৯ জুলাইৰ সংবাদমেলখন তেওঁলোকে কাৰ্যালয়ত বলপূর্বকভাৱে প্ৰৱেশ কৰি সম্বোধন কৰা বুলিও কয় অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছৰ সভাপতি বৰকটকীয়ে।

কভিড-১৯ৰ লকডাউন চলি থকা বাবে কার্যালয়ত আমি উপস্থিত নথকাৰ সুযোগ গ্ৰহণ কৰি ছালফাসহ গুণ্ডাবাহিনী লৈ কাৰ্যালয়ত প্ৰৱেশ কৰি সংবাদমেল দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে।

গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত সংগঠনটোৰ নেতৃত্বকেন্দ্ৰিক যুঁজখন ইতিমধ্যে আইনী প্ৰক্ৰিয়াৰ মাজত চলি আছে।

তাৰ মাজতে হিৰণ্য বৰা ফৈদৰ বিৰুদ্ধে সৰৱ হৈ বৰকটকীয়ে কয়, ‘হিৰণ্য বৰা নামৰ ব্যক্তিজনৰ বিষয়ে জিলা কংগ্ৰেছৰ কৰ্মীসকলে ভালকৈ জানে। ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ কাৰ্যালয় বেদখল কৰি নাটক ৰচনা কৰি নিজকে সভাপতি বুলি জাহিৰ কৰি ফুৰিছে’।

আনহাতে তেওঁলোকৰ বিৰুদ্ধে পল্টনবজাৰ থানা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ লগতে অহা ৪ আগষ্টত ন্যায়ালয়ত শুনানি আছে বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা বৰকটকীয়ে।