ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত “জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা ” বিষয়ক মনোজ্ঞ বক্তৃতা অনুষ্ঠান

নামনি অসমৰ ধুবুৰী চহৰৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ৰূপে খ্যাত “ভোলানাথ ” মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু বিবেকানন্দ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত “জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা” বিষয়ত বিশেষ বক্তৃতা অনুষ্ঠানৰ সোমবাৰে আয়োজন কৰা হয় ।

ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিত শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোৰ আৰম্ভণিতে স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ , পুষ্পাঞ্জলি প্ৰদান আৰু বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

বন্তি প্ৰজ্জ্বলন স্তোত্ৰ পাঠ কৰে মহাবিদ্যালয়ৰ ছাত্ৰী জয়শ্ৰী ভৌমিকে |ছাত্ৰ -ছাত্ৰীবৃন্দই শিল্পী লোকনাথ গোস্বামী ৰচিত মহাবিদ্যালয় সংগীত পৰিবেশন কৰে।

আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ধ্ৰৱ চক্ৰৱৰ্তীয়ে |বক্তৃতা অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে ।

বক্তৃতা প্ৰদান কৰি দিগন্ত বিশ্ব শৰ্মাই ভাৰতীয় সভ্যতা -সংস্কৃতিৰ বিশ্লেষণ কৰাৰ লগতে আমাৰ হৃদয়ত ধাৰণ কৰি থকা অথচ সুপ্ত হৈ থকা প্ৰজ্ঞা -সাধনাক জাগ্ৰত কৰাৰ ধাৰণাক বিভিন্ন উদাহৰণেৰে সাৱলীল ভাবে ব্যক্ত কৰে ।

অনুষ্ঠানত শলাগ শৰাই জ্ঞাপন আৰু প্ৰণাম মন্ত্ৰ পাঠ কৰে দৰ্শন বিভাগৰ সহযোগী অধ্যাপিকা নৱনীতা দেৱী আৰু ড.মৌচুমী ভট্টাচাৰ্যই।অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ উপাধ্যক্ষ আব্দুল মতলেব মণ্ডল ।