• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঁও দলসমূহৰ আহ্বান : আগন্তুক নিৰ্বাচনত সকলো বিজেপি-বিৰোধী দল ঐক্যবদ্ধ হওক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2020 2:51 pm
119682876_106905227831628_189723615465433015_n-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চাৰিটা বাঁওপন্থী দল— চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু আৰ চি পি আইৰ এখন যৌথ সভা যোৱা ৯ অক্টোবৰৰ সন্ধিয়া চি পি আই (এম)ৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়।

চি পি আই দলৰ ৰাজ্যিক সম্পাদক মুনিন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত আৰু কেউটা দলৰ ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থকা সভাখনত ৰাজ্যৰ বৰ্তমান পৰিস্থিতি আলোচনা কৰা হয়। বিশেষকৈ বৰ্তমানৰ বিজেপি-নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বিভিন্ন জনবিৰোধী নীতি, ভয়ানক দুৰ্নীতি আৰু কেলেংকাৰী, সাম্প্ৰদায়িক- বিভাজনবাদী আৰু স্বেচ্ছাচাৰী কৰ্মকাণ্ড, কেন্দ্ৰৰ মোদী চৰকাৰৰ অসমবিৰোধী কামকাজ আৰু নীতিসমূহৰ প্ৰতি ৰাজ্য চৰকাৰৰ অন্ধ সমৰ্থন আদি বিষয়বোৰ আলোচনা কৰা হয়।

চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অন্যান্য বিষয়বোৰৰ লগতে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনত বাঁও দলসমূহে গ্ৰহণ কৰিব লগা উমৈহতীয়া স্থিতিৰ বিষয়টো উত্থাপন কৰে।

আলোচনাত চাৰিওটা বাঁও দলে দৃঢ়মত প্ৰকাশ কৰে যে বিভিন্ন ধর্ম-ভাষা-সম্প্ৰদায়-জাতি-জনগোষ্ঠীৰ বাসভূমি অসমৰ ঐক্য-সম্প্ৰীতি অটুট ৰখা আৰু ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ হকে আগন্তুক বিধানসভাৰ নিৰ্বাচনত সাম্প্ৰদায়িক আৰু স্বেচ্ছাচাৰী বিজেপি তথা তেওঁলোকৰ সহযোগী শক্তিসমূহক যিকোনো মূল্যৰ বিনিময়ত ক্ষমতাৰ পৰা উৎখাট আৰু ৰাজ্যত এখন ধৰ্মনিৰপেক্ষ চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব।

বিজেপিৰ শাসনত গণতান্ত্ৰিক অধিকাৰসমূহ আৰু নাগৰিক স্বাধীনতাৰ ওপৰতো ধাৰাবাহিক আক্ৰমণ চলিছে আৰু ইয়াক প্ৰতিৰোধ কৰা অত্যন্ত প্ৰয়োজন হৈ পৰিছে বুলি বাঁও দলসমূহে মত প্ৰকাশ কৰে।

আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাৰ বাবে বাঁও দলসমূহে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিব। এইক্ষেত্ৰত চাৰিওটা বাঁও দলে নৱগঠিত আঞ্চলিক দলবোৰকে ধৰি সকলো বিজেপি-বিৰোধী দলৰ মাজত নিৰ্বাচনী মিত্ৰতা বা বুজাবুজি গঢ়ি তোলাৰ পোষকতা কৰে।

সেয়ে বাঁও দলকেইটাই প্ৰকাশ কৰা এটা যৌথ বিবৃতিত বিজেপি আৰু তেওঁলোকৰ সহযোগী শক্তিবোৰক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ স্বাৰ্থত নিৰ্বাচনটোত সকলো বিজেপি-বিৰোধী ৰাষ্ট্রীয় আৰু আঞ্চলিক দলক একজোঁট হৈ মাৰবান্ধি ঠিয় দিবলৈ আহ্বান জনাইছে।

বিজেপিক পৰাস্ত কৰিব নোৱাৰিলে অসমৰ ভাষা-সংস্কৃতি-ঐক্য-সম্প্ৰীতি বিপন্ন হ’ব, তেওঁলোকৰ কৰ্পোৰেট বান্ধৱ আৰ্থিক নীতিৰ ফলত জনসাধাৰণৰ জীৱন-জীৱিকাৰ ওপৰত আক্ৰমণ বাঢ়িব, অসমৰ পৰিৱেশ ধ্বংস আৰু প্ৰাকৃতিক সম্পদৰ অবাধ লুণ্ঠনৰ উপৰি ৰাজ্যৰ সৰ্বাংগীন উন্নয়ন এক দুঃস্বপ্ন হৈ ৰ’ব।

বাওঁ গল সমূহে লগতে কয় যে বিজেপিয়ে গণতন্ত্ৰ নিধন যজ্ঞও আৰম্ভ কৰিছে। ইতিমধ্যে বলপূৰ্বক সাম্প্ৰদায়িক আৰু সংবিধানবিৰোধী ‘কা’ আইন প্ৰণয়ন কৰি বিজেপি দলে নিজৰ অসমবিৰোধী স্বৰূপ উন্মোচন কৰিছে। বাঁও দলসমূহে ‘কা’ প্ৰত্যাহাৰৰ দাবীও অব্যাহত ৰখা প্ৰয়োজন বুলি দৃঢ়মত প্ৰকাশ কৰে।

অনুষ্ঠিত বাঁও দলসমূহৰ সভাই অসম আৰক্ষীত এছ আই পদৰ নিযুক্তিত সংঘটিত অভূতপূৰ্ব কেলেংকাৰী সন্দৰ্ভত আলোচনা কৰি মত প্ৰকাশ কৰে যে দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ তথাকথিত ‘শূন্য সহণশীলতা’ৰ স্বৰূপ নিযুক্তি কেলেংকাৰীসমূহে উদঙাই দিছে। এইবোৰ ভয়ানক দুৰ্নীতি আৰু কেলেংকাৰীত মন্ত্ৰী-বিধায়ক তথা শাসক দলৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা জড়িত হৈ আছে। সেয়ে অপৰাধীক চিনাক্ত আৰু উচিত শাস্তি দিয়াৰ বাবে উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশৰ নেতৃত্বত স্বাধীন ন্যায়িক তদন্ত হ’ব লাগিব। অন্যথা কেলেংকাৰীটোৰ মূল অপৰাধীবোৰ সাৰি যাব।

বাঁওপন্থী দলকেইটাই আন এক প্ৰস্তাৱৰ জৰিয়তে কেন্দ্ৰৰ মোদী চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ প্ৰতিবাদত কেন্দ্ৰীয় শ্ৰমিক সংগঠনসমূহ আৰু বিভিন্ন কৃষক সংগঠনে আহ্বান জনোৱা অহা ২৬ নৱেম্বৰৰ ৰাষ্ট্ৰজোৰা ‘সাধাৰণ ধৰ্মঘট’ৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু সংহতি জ্ঞাপন কৰিছে। অসমত ২৬ নৱেম্বৰৰ ধৰ্মঘট সৰ্বাত্মক ৰূপত সফল কৰাৰ বাবে দলসমূহে ৰাজ্যৰ সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd