বিজেপি চৰকাৰৰ জনবিৰোধী বাজেট; শিৱসাগৰত বাওঁ গণতান্ত্ৰিক মঞ্চৰ গণ বিক্ষোভ কাৰ্যসূচী 

Protest at Sivsagar

শিৱসাগৰৰ বিক্ষোভ কাৰ্য্যসূচীৰ দৃশ্য

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ বাঁও গণতান্ত্ৰিক মঞ্চৰ অংশীদ্বাৰ দল সমূহে বিভিন্ন দাবীৰে গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।

কেন্দ্ৰীয় চৰকাৰৰ ২০২০-২১ বৰ্ষৰ বাজেটত থকা কেতবোৰ নীতিক জনবিৰোধী নীতি বুলি অভিযোগ কৰি দেশৰ বাঁও দলসমূহে ১২ ফেব্ৰুৱাৰিৰ পৰা ১৮ ফেব্ৰুৱাৰিলৈ সমগ্ৰ দেশত এলানি প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে।

এই প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপেই শিৱসাগৰত গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্ৰত্যহাৰ কৰা, ভাৰতীয় জীৱন বীমা নিগমকে ধৰি বিভিন্ন ৰাজহুৱা সম্পদ ব্যক্তিগতকৰণৰ বিৰোধিতা, নিৱনুৱা সমস্যা সমাধান, শ্ৰমিকৰ নিম্নতম মজুৰি ২১,০০০ টকা ধাৰ্য্য, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা, খাদ্যৰ ক্ষেত্ৰত ৰাজসাহায্য, কৃষি আৰু মৎস্য উৎপাদনকে ধৰি কৃষিৰ লগত জড়িত বিষয় সমূহ,  এম জি এনেৰেগা,  সমাজ কল্যাণ,  নগৰোন্নয়ন, স্বাস্থ্য আদি গুৰুত্বপূৰ্ণ শিতান সমুহত ব্যাপক হাৰত চৰকাৰী ব্যয় সংকোচনৰ নীতি বন্ধ কৰি অন্ততঃ পূৰ্বৰ হাৰত ধনৰ আবন্টন বাহাল ৰখা আদিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে বাওঁ গণতান্ত্ৰিক মঞ্চই শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত চি পি আই শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক কনক গগৈয়ে কয়,  কেন্দ্ৰীয় চৰকাৰে সংবিধান বিৰোধী যি সাম্প্ৰদায়িক ‘কা’ আনিছে, এই কলা আইনখন তৎকালে বাতিল কৰিবলৈ দাবী জনাছো।

যদি বিজেপি আৰ এছ এছৰ ভাৰতীয় সংবিধানৰ গণ্ডীত থাকি দেশ চলাবলৈ ইচ্ছা নাই তেন্তে তেওঁলোকে পদত্যাগ কৰক বুলিও মন্ত্যব্য কৰে কনক গগৈয়ে।

তেওঁ লগতে ভাৰতবৰ্ষই পাকিস্তানৰ মডেল লোৱাৰ প্ৰয়োজন নাই। আমাৰ দেশত সংবিধান মতে যি ধৰ্ম নিৰপেক্ষ নীতিত দেশ পৰিচালিত হৈ আছে সেই সংবিধানৰ ভিত্তিতেই পৰিচালিত হ’ব লাগে বুলি কয়।

‘‘আৰ এছ এছ মানেই আমাৰ দেশৰ সংসদ নহয়, বিজেপি মানেই ভাৰতবৰ্ষ নহয়, আৰ এছ এছৰ মনোস্মৃতি মানেই আমাৰ দেশৰ সংবিধান নহয়। গতিকে তেওঁ লোকে অসম বিৰোধী, সংবিধান বিৰোধী এই জাতিধ্বংশী আইন অতিসীঘ্ৰে বাতিল কৰক, অন্যথা তেওঁ লোকে পদত্যাগ কৰক বুলি মন্তব্য কৰে চি পি আইৰ নেতাগৰাকীয়ে।

গণ বিক্ষোভ কাৰ্য্যসূচীত চি পি আই(এম)ৰ সাধাৰণ সম্পাদক নিৰঞ্জন চেতিয়া, আৰ চিপিআইৰ সাধাৰণ সম্পাদক অৰুণ গগৈকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে।