NORTHEAST NOW (Assamese)

বঙাইগাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বামপন্থী সংগঠনৰ প্ৰতিবাদ

July 21, 2021 7:56 pm · প্ৰণৱ কুমাৰ ডেকা

বামপন্থী সংগঠন চি আই টি ইউ (চিটু),নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আদিৰ উদ্যোগত আৰু সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সহযোগত বঙাইগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয়  মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু জনস্বাৰ্থত বিৰোধী বাজেট প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

পেট্ৰলজাত সামগ্ৰী , ৰন্ধন গেছ, ঔষধসহ সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু ৰন্ধনকৰ্মী সকলৰ বকেয়া দৰমহা আদায় দিয়াসহ বিভিন্ন নাৰ্য দাবীৰ সমৰ্থনত প্ৰায় দুই শতাধিক শ্ৰমিকে উ ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

বিক্ষোভ স্থলীত চিটুৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি তথা অধিবক্তা হৰেশ্বৰ দাস,উপ সভাপতি পৰিমল চক্ৰৱৰ্তী, শ্ৰমিক নেতা সঞ্জীৱ দেৱ আদিয়ে বক্তব্য প্ৰদান কৰে ।

উল্লেখ্য যে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত উপৰোক্ত দাবী সন্দৰ্ভত বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে দুখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷

Related News