প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে অচিৰেই আইনী ব্যৱস্থা!

ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ ফাইল ফটো

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক তেওঁৰ মায়ামৰা সমাজ-বিদ্বেষী মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ ১৫ দিনৰ সময় বান্ধি দিছে যোৰহাট জিলা মায়ামৰা সাংস্কৃতিক সমাজে।

আজি নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত ইয়াৰ ব্যৰ্থতাত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকজনক সকীয়াই দিছে সমাজে।

৫ জানুৱাৰিত যোৰহাট জিলাৰ মায়ামৰা নামঘৰত মায়ামৰা সত্ৰৰ আদিগুৰু অনিৰুদ্ধদেৱৰ তিৰোভাব তিথি উপলক্ষে আয়োজিত এটা অনুষ্ঠানৰ শেষত মায়ামৰা সমাজৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধি সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ।

মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সভাপতি ড০ লক্ষ্মীকান্ত হাজৰিকা, যোৰহাট জিলা সমিতিৰ সভাপতি দীননাথ শৰ্মা, শ্ৰীশ্ৰী গোপাল দেৱ সেৱক সমাজ, অসম আৰু শ্ৰীশ্ৰী অষ্টভূজদেৱৰ বৰভেটি উন্নয়ন সমিতিৰ আইনী উপদেষ্টা মনু বৰুৱাকে ধৰি বিভিন্ন সংগঠনৰ বিষয়ববীয়া আৰু ভকত বৈষ্ণৱৰ উপস্থিতিত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ মন্তব্যৰ বিষয়ে বিতং আলোচনা কৰা হয়।

সমাজে ৫ জানুৱাৰিত প্ৰেৰণ কৰা এটা বিবৃতিত অভিযোগ কৰিছিল যে ১ জানুৱাৰিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মত বিনিময় এটা অনু্ষ্ঠানৰ সময়ত সাংবাদিকজনে  মায়ামৰা বিদ্ৰোহে আহোমৰ ৰাজত্ব শেষ কৰি অসমীয়া জাতিক দুৰ্বল কৰা বুলি মন্তব্য কৰাৰ লগতে আলফাৰ প্ৰসংগত মায়ামৰাসকলক অযথা টানি আনি তাচ্চিল্য কৰিছিল।

বিবৃতিটোত লগতে আৰু অভিযোগ কৰা হৈছিল, “সাংবাদিকজনে, ইয়াৰ পূৰ্বেও একাধিকবাৰ মায়ামৰা সমাজক অযথা বিতৰ্কলৈ টানি আনি তাচ্চিল্যসুচক মন্তব্য কৰা। দুবছৰ পূৰ্বে ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীয়ে মায়ামৰা বিপ্লৱীসকল অসমৰ কুলাংগাৰ আছিল বুলি বিতৰ্কিত মন্তব্য কৰিছিল”।

বৈঠকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃষ্টিগোচৰ কৰাৰ বাবে যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি এখন পত্ৰ প্ৰেৰণ কৰা আৰু সাংবাদিকগৰাকীলৈ এক প্ৰতিবাদী পত্ৰ প্ৰেৰণৰো সিদ্ধান্ত কৰে।

অহা ১৫ দিনৰ ভিতৰত যদি সাংবাদিক চক্ৰবৰ্তীয়ে তেওঁৰ উক্ত বক্তব্য ৰাজহুৱাভাৱে প্ৰত্যাহাৰ নকৰে তেন্তে মায়ামৰা সমাজে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে সাংবাদিকগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।

উল্লেখ কৰিব পাৰি যে সাংবাদিকজনে সততে বিতৰ্কিত আৰু ঘৃণা প্ৰকাশক মন্তব্য কৰাৰ বহুতো উদাহৰণ আছে। জাতি, ধৰ্ম, সম্প্ৰদায়ক লৈ একাধিকবাৰ তেওঁ বিতৰ্কিত মন্তব্য কৰি গৰিহণা খাইছে।