ভাৰতৰত্ন সুধাকণ্ঠৰ ৯৩ সংখ্যক ওপজা দিনত দেশে সুঁৱৰিছে মহান শিল্পীগৰাকীক

আজি ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিন। ১৯২৬ চনত আজিৰ দিনটোতে অৰ্থাৎ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত বিশ্ববৰেণ্য শিল্পীগৰাকীয়ে জন্ম গ্ৰহণ কৰিছিল।

আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ ওপজা দিন উদযাপন কৰা হৈছে।

সুধাকণ্ঠৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। লগতে নিজৰাপাৰৰ ভূপেনদাৰ বাসভৱনতো সুধাকণ্ঠগৰাকীৰ ওপজা দিনৰ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে।

সমগ্ৰ অসমৰ লগতে মায়ানগৰী মুম্বাই, কলকাতা তথা বিদেশতো সুধাকণ্ঠক ভূপেন হাজৰিকাক আজিৰ দিনটোত স্মৰণ কৰে।

বিভিন্ন কালজয়ী গীতৰ সৃষ্টিকৰ্তা ভূপেন হাজৰিকা অসম তথা সমগ্ৰ ভাৰতৰে এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল।

উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী।

ভাৰতৰত্ন ভূপেন হাজৰিকাই ১১ বছৰ বয়সত ১৯৩৭ চনত প্ৰথমটো গীত ৰচনা কৰিছিল। অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও সুধাকণ্ঠ ভূপেন হাৰজিৰকাই চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। অসমক সমগ্ৰ বিশ্বৰ সন্মুখত গৌৰৱান্বিত কৰি থৈ গৈছিল মহান শিল্পীগৰাকীয়ে।