অক্লান্ত যোদ্ধা! অলিম্পিক পদক বিজয়ী তথা ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে ল’লে অৱসৰ

বক্সাৰ মেৰী কমে অৱসৰ গ্ৰহণ কৰিলে। ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা ২০১২ চনৰ অলিম্পিক পদক বিজয়ী মেৰীকমে বুধবাৰে অৱসৰৰ কথা ঘোষণা কৰে।

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনৰ নিয়ম অনুসৰি এজন পুৰুষ বা মহিলা বক্সাৰে ৪০ বছৰ বয়সৰ পিছত আৰু কোনো শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। সেই নিয়ম অনুসৰি মেৰীয়ে গ্ল’ভছ খুলি ৰাখিলে।

অৱসৰ ঘোষণা কৰাৰ পিছত মেৰীয়ে কয়, “মই এতিয়াও ক্ষুধাৰ্ত। কিন্তু বয়সৰ নিয়মৰ বাবে মই আৰু কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰো। বেছি খেলিব বিচাৰিছিলো, কিন্তু মোৰ বয়সে মোক বন্ধ ৰখিবলৈ বাধ্য কৰালে। অৱসৰ ল’ব লগা হ’ল৷ মই মোৰ জীৱনৰ সকলোখিনি অৰ্জন কৰিছো।”

লগতে পঢ়কঃ মণিপুৰ : প্ৰথমে ছয় সহকৰ্মীক আৰু তাৰপিছত নিজকে গুলীয়ালে অসম ৰাইফলছৰ জোৱানে

১৯৮২ চনত মণিপুৰৰ কংগাঠেই গাঁৱত জন্মগ্ৰহণ কৰিছিল মেৰীয়ে। ১৮ বছৰ বয়সত পেনচিলভেনিয়াত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাত ৪৮ কেজি শাখাত ৰানাৰ্ছ আপ হয়। কেইবছৰমান পিছত তেওঁ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ২০০৫, ২০০৬, ২০০৮ আৰু ২০১০ চনতো এই পদক লাভ কৰে।

মেৰীকমে ২০০৮ চনত এই পদক লাভ কৰাৰ পিছত মাতৃত্বকালীন সময়ত সাময়িকভাৱে বক্সিঙৰ পৰা নিজকে আঁতৰাই নিয়ে। ২০১২ চনত অলিম্পিক পদক লাভ কৰাৰ পিছত মেৰীয়ে তৃতীয় সন্তান জন্ম দিয়াৰ বাবে পুনৰ বিৰতি লয়।

বক্সিং ইতিহাসত ছয়বাৰৰ বিশ্ব চেম্পিয়ন হোৱা প্ৰথমগৰাকী মহিলা বক্সাৰ মেৰীকম। ইয়াৰ উপৰিও তেওঁ পাঁচবাৰ এছিয়ান চেম্পিয়ন হৈছে। ২০১৪ চনত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ আছিল মেৰীকম।

লগতে পঢ়কঃ “আমি এই আক্ৰমণ আৰু আচৰণৰ নিন্দা কৰোঁ” – অসমৰ এশ গৰাকী বুদ্ধিজীৱী আৰু বিশিষ্ট ব্যক্তিৰ বিবৃত্তি

২০১৬ চনত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰিছিল। ২০০৩ চনত অৰ্জুন বঁটা, ২০০৬ চনত পদ্মশ্ৰী, ২০১৩ চনত পদ্ম ভূষণ আৰু ২০২০ চনত পদ্ম বিভূষণেৰে সন্মানিত হয় মেৰীকম।

২০১৪ চনত মেৰীকমৰ জীৱনৰ আধাৰত এখন হিন্দী ছবিও নিৰ্মাণ কৰা হৈছিল। সেই ছবিখনত প্ৰিয়ংকা চোপ্ৰাই মেৰীকমৰ চৰিত্ৰত অভিনয় কৰিছিল।