কিংবদন্তি কণ্ঠশিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন সোমবাৰৰ পৰা অসমত আৰম্ভ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
২০১১ চনৰ নৱেম্বৰ মাহত তেওঁক সমাধিস্থ কৰা গুৱাহাটীৰ ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উদযাপনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।
ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে কিংবদন্তি সংগীত শিল্পীগৰাকীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ১০০গৰাকী বিশিষ্ট ব্যক্তিয়ে তেওঁৰ সন্মানত পতাকা উত্তোলন কৰে। এই উপলক্ষে এক সংগীত অনুষ্ঠানৰো আয়োজন কৰা হয়।
হাজৰিকাৰ একমাত্ৰ পুত্ৰ তেজ হাজৰিকা তেওঁৰ পত্নী আৰু পুত্ৰৰ সৈতে শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ পৰা ইয়ালৈ আহিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ছেপ্টেম্বৰত তেওঁৰ দুদিনীয়া অসম ভ্ৰমণৰ প্ৰথম দিনাই উদযাপনত অংশগ্ৰহণ কৰিব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক্স পোষ্টত কয় যে হাজৰিকা আমাৰ সকলোৰে বাবে প্ৰেৰণা হৈ ৰৈছে।
তেওঁ কয়, ‘তেওঁৰ জীৱন আৰু সময় নিজেই এক আদৰ্শ। অসম আৰু ভাৰতৰ প্ৰতি তেওঁৰ ভালপোৱা সকলোৰে ল’ব পৰা এক প্ৰেৰণা।‘
মুখ্যমন্ত্ৰীয়ে আন এটা পোষ্টত কয় যে, “আজি আমি এনে এজন কিংবদন্তিৰ জীৱনক উদযাপন কৰিছো যিয়ে নিজৰ আত্মাস্পৰ্শী সুৰৰ জৰিয়তে অসমক বিশ্ববাসীৰ মাজলৈ লৈ গৈছিল আৰু মানৱতাক নিজৰ সুৰ আৰু প্ৰেমৰ গীত হিচাপে গঢ়ি তুলিছিল।
ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাৰ ভিডিঅ’ ক্লিপও শৰ্মাই শ্বেয়াৰ কৰে। সমৰ হাজৰিকাই নিজৰ ভাতৃৰ জন্ম শতবাৰ্ষিকী ইমান বৃহৎ পৰিসৰত উদযাপন কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ শলাগ লয়।
তেওঁ কয় যে প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশতে এগৰাকী অসমীয়া শিল্পীক এনে পৰিসৰত সন্মানিত কৰা হৈছে।
তেওঁ অন্যান্য বেচৰকাৰী সংস্থা আৰু প্ৰতিষ্ঠানকো ধন্যবাদ জনায়, যিয়ে বৰ্ষজোৰা উদযাপনৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে।
তেওঁৰ জীৱনকালত প্ৰতিষ্ঠা কৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসেও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ভাগত অনুষ্ঠানৰ আয়োজন কৰিব। কাৰ্যসূচীসমূহৰ ভিতৰত সংগীত অনুষ্ঠান আৰু চৌহদত থকা শিলপীগৰাকীলৈ উৎসৰ্গিত সংগ্ৰহালয়ৰ সন্মুখত চাকি জ্বলোৱা হ’ব।
নগাঁও জিলা প্ৰশাসনে অহা ১০ ছেপ্টেম্বৰত নুৰুল আমিন ষ্টেডিয়ামত তেওঁৰ চিৰসেউজ গীত ‘মানুহে মানুহৰ বাবে’ গীতটো গাই এক অভিলেখ গঢ়িব। সেইদিনা ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ৰ বিষয়াসকল উপস্থিত থাকিব আৰু অনুষ্ঠানটোৰ ৰেকৰ্ডিং কৰিব।
১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত তিনিচুকীয়া জিলাৰ শদিয়াত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম হৈছিল।