বিজেপি চৰকাৰৰ মিছন আছে; ভিজন নাই : অখিল গগৈ

"শ্ৰেষ্ঠতম অসমৰ সপোন বহু দূৰ; উত্তম অসম সজোৱাৰ সপোন দেখক" ৰাজ্যপালৰ ভাষণক লৈ অখিল গগৈ

Akhil Gogoi

বৃহস্পতিবাৰে ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক ডি শইকীয়াই ৰাজ্যপালৰ ভাষণৰ সন্দৰ্ভত অখিল গগৈৰ বক্তব্যৰ কিছু সাৰাংশ সংবাদমেল যোগে দাঙি ধৰে।

উক্ত সংবাদমেলত ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক ডি শইকীয়াই অখিল গগৈৰ বক্তব্যৰ সাৰাংশ পাঠ কৰি কয়,”বিজেপি চৰকাৰৰ মিছন আছে, ভিজন নাই। যোৱা ২২ মে’ৰ অসমৰ ৰাজ্যপালৰ ভাষণত ভাৰতৰ ৫ খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ অন্যতম ৰাজ্যৰূপে অসমক তৈয়াৰ কথা ঘোষণা কৰা হৈছে যদিও অসমক উন্নয়নৰ শিখৰলৈ নিবলৈ কোনো ৰাজনৈতিক আৰু অৰ্থনৈতিক ভিজন বা দৃষ্টিভংগীৰ প্ৰকাশ হোৱা নাই। সত্ৰ, নামঘৰ আৰু গো ৰক্ষাৰ বাহিৰে কোনো দূৰদৃষ্টিসম্পন্ন দৃষ্টিভংগী নাই। অখিল গগৈয়ে এই ক্ষেত্ৰত সঠিক ভিজন এটাৰ বাবে বিধানসভাত বিশেষ আলোচনাৰ আহ্বান জনায়।

বিধায়ক অখিল গগৈয়ে কিছু বিষয়ৰ ওপৰত অসমৰ বিধানসভাৰ বিশেষ অধিবেশন দাবী কৰে। সেই বিষয়সমূহ হ’ল-

১.ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা আৰু ব্যৰ্থতা।

২.’সৰ্বশ্ৰেষ্ঠ অসম’ প্ৰতিষ্ঠাৰ বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি।

৩.নিবনুৱামুক্ত অসম।

৪.বৃহৎ নদীবান্ধ আৰু বানপানীমুক্ত অসম।

“শ্ৰেষ্ঠতম অসম” প্ৰতিষ্ঠাৰ শ্লোগান ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ বিজেপি মূল নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, ২০২১ চনৰ নিৰ্বাচনতো মূল প্ৰতিশ্ৰুতিয়েই আছিল “শ্ৰেষ্ঠতম অসম” প্ৰতিষ্ঠা কৰা। চৰকাৰী তথ্যৰ সূত্ৰ প্ৰদৰ্শন কৰি অখিল গগৈয়ে পুনৰ উল্লেখ কৰে “অসমতে দেশৰ ভিতৰতে আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰে(Drop Out)। এই ক্ষেত্ৰত অসম প্ৰথম। প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত ভাৰতত অসমৰ স্থান প্ৰথম। শিশুৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থান অধিকাৰ কৰে অসমে। সেয়েহে “শ্ৰেষ্ঠতম অসমৰ” সপোন বহু দূৰ। “উত্তম অসম”সজোৱাৰ সপোন দেখাই ভাল।”

আনহাতে, এই ব্যৰ্থতাৰ কাৰণ সমূহ গগৈয়ে দাঙি ধৰিছে এনেদৰে-

১.দ্বিতীয় ঢৌৰ বাবে প্ৰস্তুতিহীনতা।

২.ৰাইজক কোভিডৰ বাবে  সচেতন কৰিবলৈ কোনো প্ৰচেষ্টা নোলোৱা বা Covid19 appropriate behaviourৰ অভাৱ।

৩.ৰাজ্য চৰকাৰৰ দূৰদৃষ্টিহীনতা, সঠিক ষ্ট্ৰেটেজি নিৰূপণ আৰু পৰিকল্পনাৰ অভাৱ।

৪.কোভিড বিৰোধী যুঁজক হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত ভাৱমূৰ্তি তৈয়াৰৰ হাথিয়াৰত পৰিণত কৰা।

তদুপৰি, কোভিডৰ ক্ষতিপূৰণৰ চাৰিটা দাবীও অখিল গগৈয়ে উল্লেখ কৰে। সেইকেইটা হ’ল-

১.একেবাৰে দৰিদ্ৰসকলৰ বাবে ৰেচনৰ যোগান ধৰা।

২.ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কাম হেৰুওৱা কৰ্মচাৰী আৰু কৃষক সকললৈ মাহে অন্তত ৫০০০ টকাৰ ক্ষতিপূৰণ আৰু কাম হেৰুওৱাসকলক অন্তত ৫০,০০০ টকাৰ এককালিন সাহায্য দিবলৈ দাবী জনায়।

৩.ব্যৱসায়ী, উদ্যোগীলৈ যথোপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী।

৪.গাড়ীৰ মালিকসকলৰ মাহেকীয়া গাড়ীৰ কিস্তি ৰেহাই দিয়াৰ দাবী।