প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ আগেয়ে উজনিৰ ভোটাৰ সকললৈ আমি এটি আবেদন কৰিব বিচাৰিছোঁ। আমি দুটা কথা লক্ষ্য কৰা উচিত। এটা হ’ল, দেশখনত বিজেপিয়ে যোৱা দহটা বছৰে কি কৰিলে? তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল কি আৰু তেওঁলোকে কৰিলে কি! তেওঁলোকে কৈছিল প্ৰতি বছৰে ২ কোটি লোকক কৰ্ম সংস্থান দিব, পেট্ৰলৰ মূল্য ৫০ টকা কৰিব, মূল্যবৃদ্ধি কমাব, বিদেশৰ পৰা ক’লা ধন আনি ৰাইজক বিলাই দিব, কৃষকৰ আয় দুগুণ কৰিব, অসমৰ পৰা ১৬ মে’, ২০১৪ ৰ পিছদিনাই বিদেশী নাগৰিকক আঁতৰাই পঠিয়াব, মহিলাক সুৰক্ষা দিব আৰু কত কি প্ৰতিশ্ৰুতি আৰু আশ্বাস যে নিদিছিল তেওঁলোকে! কিন্তু, বাস্তৱত কি কৰিলে ? সকলো ফুটুকাৰ ফেন।
চাকৰি দিব ক’ত, থকা চৰকাৰী চাকৰিৰো আধা কাটিলেহে আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ আদানি-আম্বানীক গটাই দি আমাৰ ল’ৰা-ছোৱালীৰ পেটৰ ভাত কাঢ়ি নিলে।আমি এতিয়া পেট্ৰল কিনো ৯৬ টকাত। ক’লা ধনৰ কথা উলিয়ালে বিজেপিৰ মানুহে মুখ ইফাল সিফাল কৰে। কথা আছিল কৃষকৰ আয় দুগুণ কৰাৰ। কিন্তু আদানি-আম্বানীৰ স্বাৰ্থত তিনিখন কৃষি আইন আনি কৃষকৰ কি দুৰ্দশা কৰিলে আমি সকলোৱে দেখিলোঁ। ৰাস্তা খান্দি, ৰাস্তাত গঁজাল পুতি কৃষকক দিল্লীত সোমাবলৈকে নিদিলে তেওঁলোকে। অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব ক’ত, ‘কা’ আনি বিদেশীক বৰ পীৰা পাৰিহে দিলে।আৰু মহিলাৰ সুৰক্ষা!
মণিপুৰ জ্বলি শেষ হৈ গ’ল। মহিলাক উলংগ কৰি তাত ৰাস্তাত ঘূৰাই ফুৰালে। কিমান মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হ’ল। মোদী নিমাতে থাকিল। আজিলৈকে তেওঁ মণিপুৰমুৱা নহ’ল। মহিলা মল্লযোদ্ধা সকলক কেনেকৈ নাগুৰ-নাকটি কৰিলে তাকো আমি দেখিলোঁ।।আৰু কি কৈছিল, দেশ ভ্ৰষ্টাচাৰ মুক্ত কৰিব! এইবোৰ কথা এতিয়া ক’বলৈও লাজ লাগে, শুনিবলৈও লাজ লাগে। ইডি-চিবিআইৰ ভয় খুৱাই বা চান্দাৰ বিনিময়ত ঠিকা দি বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ যোগেদি কোম্পানীবোৰৰ পৰা ৬০০০ কোটিতকৈও বেছি ধন আদায় কৰি ল’লে। ঔষধৰ কোম্পানীৰ পৰা নিৰ্বাচনী বণ্ডৰ যোগেদি ধন লৈ তেওঁলোকক জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ অনুমতি দিলে ৷আৰু দুনীয়াৰ ভ্ৰষ্টাচাৰী, দুৰ্নীতি পৰায়ণ বিৰোধী নেতা বিজেপিলৈ আনি ওৱাচিং মেচিনত দি চাফা কৰি ল’লে।শুদ্ধিকৰণ কৰিলে।ইয়াতকৈ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কি কৰিব লাগিছে? কথাৰ ফুলজাৰি কিমান চাব? অথচ ধাৰ নল’লে কৰ্মচাৰীক দৰমহা দিব নোৱাৰে। এতিয়া কি বিষয় লৈ বিজেপি জনসাধাৰণৰ ওচৰলৈ গৈছে ? একো নাই।কেৱল মিথ্যাচাৰ, কুৎসা ৰটনা, ব্যক্তিগত চৰিত্ৰহনন আৰু ধৰ্মীয় আবেগ।
যোৰহাটত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী গৌৰৱ গগৈয়ে এইবোৰ কথাই সংসদত বীৰদৰ্পে দাঙি ধৰি অসমৰ নহয়, ভাৰতৰে ৰাইজৰ চকু মকলি কৰি দিছিল মোদীৰ অপশাসনৰ বিষয়ে।আজি আমি সিদ্ধান্ত ল’ব লাগিব যে এনে এজন যোগ্য প্ৰাৰ্থীক ভোট দিম নে এজন নিবোকা চামোন অযোগ্য প্ৰাৰ্থীক ভোট দিম৷ ডিব্ৰুগড়ৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী লুৰীনজ্যোতি গগৈয়ে কা আন্দোলনত বলিষ্ঠ নেতৃত্ব দিছিল।গতিকে এজনক বিজেপিৰ ব্যভিচাৰৰ বাবে আৰু আনজনক আমাৰ জাতীয় পৰিচয়ৰ বাবে উজনিৰ ৰাইজে ভোট দিয়ক।বাকী সমষ্টি বোৰতো বিজেপিৰ বিৰুদ্ধে উঠা আটাইতকৈ শক্তিশালী প্ৰাৰ্থী গৰাকীক ভোট দিবলৈ আমি অনুৰোধ কৰিলোঁ।
উজনিলৈ আৰু এটা ডাঙৰ সংকট আহিছে।এইখন বিজেপি চৰকাৰৰ মন্ত্ৰী, এম এল এ বোৰে নিজৰ নামত/ আনৰ নামত এখনৰ পিছত এখনকৈ চাহ বাগানবোৰ কিনি তাত অন্য উদ্যোগ স্থাপন কৰাৰ পাং পাতিছে। বাগানৰ মজুৰি বৃদ্ধি দূৰৈৰ কথা, কোনো কোনো চাহ বাগিছাৰ শ্ৰমিকে আজি কেইবামাহো ধৰি বেতনেই পোৱা নাই। বাগিছাবোৰ বন্ধ হ’লে চাহ শ্ৰমিকৰ কি অৱস্থা হ’ব? তেওঁলোক ক’লৈ যাব? ভোট দিয়াৰ আগতে বাগানৰ মানুহে এইবোৰ কথা ভাবি নাচালে নিগমে মৰিব।