কোভিড ৰোগীৰ চিকিৎসাৰ নামত GMCHত চলিছে কি? : কোভিড কক্ষৰ পৰা কৃষক নেতা ধৈৰ্য কোঁৱৰৰ বিস্ফোৰক পত্ৰ

কষ্টত আছোঁ, বৰ কষ্টত : ধৈৰ্য কোঁৱৰ

GMCH ৰ কোভিড কক্ষৰ পৰা কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰৰ চিঠি।

চিঠিখনত উল্লেখ আছে প্ৰকৃততে কি হৈ আছে Covid চিকিৎসাৰ নামত।

“GMCH ৰ কভিড-১৯ৰ বিছনাত। আজি প্ৰচণ্ড জ্বৰ, বমি আৰু মূৰ বিষ হৈছে। গোটেই দিনটো বিছনাৰ পৰা উঠিব পৰা নাই। কৰ্তব্যৰত চিকিৎসকক কলো – সবিশেষ বিৱৰি।” চিঠিখনৰ প্ৰথম অংশত এইদৰে উল্লেখ কৰিছে।

তেওঁ লগতে লিখি কয় “চিকিৎসক গৰাকীয়ে ক’লে – ‘ পেৰাচিতাম’ল (paracetamol tablets)খোৱা।’ এতিয়ালৈকে সুফল পোৱা নাই।”

“অথচ GMCHৰ অধীক্ষকে সংবাদ মাধ্যমক সম্বোধন কৰি কৈছে ‘আমি সুস্থিৰ’। এইয়াই ৰাজনীতি। সঠিক খবৰ নোলোৱালৈকে GMCHৰ অধীক্ষকে কেনেকৈ ক’ব পাৰিলে আমি সুস্থিৰ বুলি। এইয়া ঘৃণনীয় ৰাজনীতি নহয় জানো? কষ্টত আছোঁ, বৰ কষ্টত।”

ইপিনে, সকলো কোভিড ৰোগীৰ বাবে উমৈহতীয়া লেট্ৰিন, বাৰ্থৰুম দিয়া বুলি উল্লেখ কৰি তেওঁ লিখি কয়, “কভিড ১৯ৰ পৰা নিৰাময় হোৱাতকৈ, সংক্ৰমণহে অধিক হয় বুলি বেছি ভয় হৈছে। এই কেইদিন খুব ওচৰৰ পৰা স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ দেখিলোঁ।”

“স্বাস্থ্য মন্ত্ৰীয়ে টি ভিত কৈ থকাৰ দৰে কথাবোৰ নহয়। এক বিৰাট প্ৰহসন। কোভিড-১৯ৰ ৰোগীক গৰম পানী লাগে। গৰম পানী কৰিবলৈ ইয়াত কেটলি এটাও বিচাৰি নাপাওঁ। যথেষ্ট উদিগ্নতাত আছোঁ। এইদৰে বাহিৰত অসমৰ ৰাইজে আমাৰ বাবে সাহ হৈছে।” চিঠিখনত উল্লেখ কৰি ধৈৰ্য কোঁৱৰে কয়।

অৱশ্যে, চিঠিখনৰ তাৰিখ ১২ জুলাই বুলি উল্লেখ আছে যদিও আজি পুৱাৰ ভাগতহে কৃষক মুক্তিৰ সদস্যৰ হাতত পৰাহি বুলি তেওঁলোকে জানিবলৈ দিয়ে।

চিঠিখনৰ সত্য সত্যতা কিমান আছে সেয়া নৰ্থ ইষ্ট নাওৱে নিৰূপণ কৰা নাই।