• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ষ্টেডিয়ামৰ পিছত আহমেদাবাদত এইবাৰ নৰেন্দ্ৰ মোডীৰ নামেৰে মেডিকেল কলেজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2022 8:11 am
131
VIEWS
Share on FacebookShare on Twitter

ক্ৰীড়া ষ্টেডিয়ামৰ পিছত এইবাৰ নৰেন্দ্ৰ মোডীৰ নামেৰে হ’ব এখন মেডিকেল কলেজ। বাতৰি অনুসৰি, আহমেদাবাদৰ মণিনগৰৰ এলজি চিকিৎসা মহাবিদ্যালয়ৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰীৰ নামত ৰখা হৈছে।

বৃহস্পতিবাৰে আহমেদাবাদ পৌৰ নিগমৰ স্থায়ী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। ইয়াত সিদ্ধান্ত লোৱা হয় যে পৌৰ নিগমৰ দ্বাৰা পৰিচালিত ‘মেডিকেল এডুকেশ্বন ট্ৰাষ্ট’ৰ দ্বাৰা পৰিচালিত এলজি মেডিকেল কলেজৰ নাম সলনি কৰা হ’ব। আলোচনাৰ পিছত বৈঠকত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয় যে প্ৰতিষ্ঠানখনৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব।

লগতে পঢ়ক: অসমৰ ৮ টা আদিবাসী সংগঠনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কেন্দ্ৰৰ; ১ হাজাৰ কোটিৰ পেকেজ ঘোষণা

বিজেপি শাসিত আহমেদাবাদ পৌৰনিগমৰ অধ্যক্ষ হিতেশ বাৰোতে বৃহস্পতিবাৰে কয়, “এতিয়াৰে পৰা আহমেদাবাদ পৌৰনিগম পৰিচালিত এল জি মেডিকেল কলেজৰ নাম সলনি কৰি ‘নৰেন্দ্ৰ মোডী চিকিৎসা মহাবিদ্যালয়’ ৰখা হৈছে।”

আহমেদাবাদৰ মণিনগৰ বিধানসভা সমষ্টিটোৱে মোডীৰ ৰাজনৈতিক কেৰিয়াৰৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে ১১ বছৰ ধৰি মণিনগৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল। মুখ্যমন্ত্ৰী হিচাপে থকা সময়ছোৱাত মোডীয়ে এল জি চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ প্ৰতি বিশেষ মনোযোগ দিছিল আৰু তেওঁ তাত এখন দন্ত মহাবিদ্যালয়ো আৰম্ভ কৰাত অৰিহনা যোগাইছিল।

লগতে পঢ়ক: ক্ষুব্ধ চীন! টাইৱানকলৈ ঐতিহাসিক সিদ্ধান্ত ল’ব বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই!

উল্লেখ্য যে যোৱা বছৰ আহমেদাবাদৰ মোটেৰাত থকা চৰ্দাৰ পেটেল ষ্টেডিয়ামৰ নাম প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ কৰা হৈছিল। বৰ্তমান ষ্টেডিয়ামখনক নৰেন্দ্ৰ মোডী ষ্টেডিয়াম বুলি কোৱা হয়। সেই বিষয়টোৱেও বিতৰ্কৰ সৃষ্টি কৰিছিল।

উক্ত ষ্টেডিয়ামখন ১৯৮৩ চনত আহমেদাবাদত ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ নামত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আগতে ইয়াক গুজৰাট ষ্টেডিয়াম বুলি কোৱা হৈছিল। পেটেলৰ নাম বিলোপ কৰি ষ্টেডিয়ামখন মোডীৰ নামেৰে নতুনকৈ নামাকৰণ কৰাৰ পিছতে ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছিল।

লগতে পঢ়ক: Vladimir Putin: পুটিনক হত্যাৰ ষড়যন্ত্ৰ! মাৰাত্মক আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি

অৱশ্যে বিজেপিয়ে এই বিতৰ্কক বেছি গুৰুত্ব দিয়া নাছিল আৰু তেওঁলোকে যুক্তি দাঙি ধৰিছিল যে ইয়াত কোনো নাম পৰিৱৰ্তন হোৱা নাই। সমগ্ৰ ক্ৰীড়া চৌহদটো পেটেলৰ নামতে আছে। এই ষ্টেডিয়ামখন ইয়াৰ অংশহে মাথোঁ।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd