কোকিলাৰ ২ নং নাম্বাৰপাৰাৰ পোকালাগী নদীত মাছ মাৰিবলৈ গৈ বজ্ৰপাতত হতাহত ২জন

thunder preview image

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ২য় খণ্ডৰ হৰেকৃষ্ণ ৰবি দাসৰ পুত্ৰ দীপক ৰবি দাস (২৮)  আৰু একে গাৱঁৰে নুৰ হুছেইনৰ পুত্ৰ জহিৰুল ইছলাম (৩০) এই দুই বাল্য বন্ধুৱে যোৱা নিশা ওচৰৰে পোকালাগি নদীত মাছ মাৰিবলৈ গৈছিল।

নিশা আনুমানিক ১০-৩০ মান বজাৰ পৰা বৰষুণ আৰু বজ্ৰপাত আৰম্ভ হয়। জানিব পৰা মতে বিজুলিৰ ভয়াৱহ ঢেৰেকণিৰ বাবে পানীৰ পৰা উঠি আহি নদীৰ পাৰতে অলপ নিৰাপদ স্থানত আশ্ৰয় লয় দুয়ো। কিন্তু দুৰ্ভাগ্যক্ৰমে সেই স্থানতে বজ্ৰপাত পৰে। তাৰ পৰা ছিটিকি গৈ জহিৰুল ইছলাম অলপ দূৰত জ্ঞানশূন্য হৈ পৰি থাকে আৰু দীপক দাসৰ মৃত্যু ঘটে।

ইছলামৰ ভাষ্য মতে অজ্ঞান হৈ পৰি থাকি যেতিয়া অলপ সাৰ পাইছিল লগে মোবাইলটো উলিয়াই বন্ধু এজনক কোনোমতে ঘটনাৰ স্থানৰ বিৱৰণ দিছিল। ফোন পাই ততালিকে বন্ধুজন আহি ইছলামক চিকিৎসালয় লৈ নিয়াৰ ব্যৱস্থা কৰে দাসৰ ঘৰতো খবৰ দিয়ে।

জহিৰুলক বৰপেটা জিলাৰ কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় আৰু দাসক ঘৰৰ পৰিয়ালে বঙাইগাঁও নামনি অসম চিকিৎসালয়ত ভৰ্তি কৰে যদিওঁ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

পুৱাতেই কোকিলা আৰক্ষী দাসৰ ঘৰত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় প্ৰস্তুতি চলাই বঙাইগাঁও লৈ লৈ যায়। খবৰ পাই লোকে লোকাৰণ্য হৈ পৰে দুয়োখন ঘৰ।

দাসৰ ঘৰত এবছৰৰ ভিতৰতেই চাৰিজনকৈ ব্যক্তি বিভিন্ন কাৰণত মৃত্যুবৰণ কৰে যাৰ বাবে অতিকৈ ভাগি পৰিছে পৰিয়ালটোৰ বাকী কেইজন সদস্য।

নিহত আৰু আহত হোৱা দুয়োটা পৰিয়ালক চৰকাৰে যাতে কিছু পৰিমাণে হ’লেও আৰ্থিক সাহায্য প্ৰদান কৰে তাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় স্থানীয় ৰাইজে।