এইচ আই ভিৰ দৰে কৰ’নাভাইৰাছৰো কেতিয়াও নোলাব পাৰে প্ৰতিষেধক: বাতৰি

Coronavirus-1-1140x570

কৰ’নাভাইৰাছৰ কেতিয়াও প্ৰতিষেধক নোলাবই পাৰে। যিদৰে বহু বছৰজোৰা গৱেষণাৰ পিছতো এইচ আই ভি বা আনকি ডেংগুৰ ক্ষেত্ৰতো প্ৰতিষেধক ওলোৱা নাই।

বৰ্তমান কৰ’নাভাইৰাছৰ বিৰোধী এশতকৈ অধিক বিধৰ দৰৱ প্ৰি-ক্লিনিকেল ট্ৰায়েল আৰু কিছুসংখ্যক হিউমেন ট্ৰায়েলত থকা অৱস্থাত আগশাৰীৰ স্বাস্থ্য বিশেষজ্ঞই এন আশংকা প্ৰকাশ কৰিছে।

চি এন এন-ৰ এটা প্ৰতিবেদনত কোৱা হৈছে, “…আটাইতকৈ বেয়া সম্ভাৱনা: যদি কোনো প্ৰতিষেধকেই কেতিয়াও বিকাশ নহয়”।

চাৰি দশক আৰু ৩২ মিলিয়ন লোকৰ মৃত্যুৰ পিছতো আজিলৈকে এইচ আই ভিৰ প্ৰতিষেধক আৱিষ্কাৰ হোৱা নাই।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে ডেংগু জ্বৰত ৪ লাখ মানুহ আক্ৰান্ত হয়। কিন্তু তাৰ যিটো প্ৰতিষেধক কিছুমান দেশত দিয়া হয় সেয়া নিৰ্দিষ্ট বয়সৰ আৰু পূৰ্বে ডেংগু হোৱা মানুহকহে দিয়া হয়।

“এতিয়াও কিছুমান ভাইৰাছ আছে যিবোৰৰ বিৰুদ্ধে আমাৰ প্ৰতিষেধক নাই। আমি চূড়ান্ত ধাৰণা কৰিব নোৱাৰো যে এটা প্ৰতিষেধক ওলাবই বা নোলাবই,” প্ৰতিবেদনখনত লণ্ডনৰ ইম্পিৰিয়েল কলেজৰ গ্ল’বেল হেলথৰ অধ্যাপক ডঃ ডেভিদ নাবাৰ’ৰ উদ্ধৃতি।

আনহাতে NIAID (National Institute of Allergy and Infectious Diseases)ৰ সঞ্চালক ডঃ এন্তনি ফাউচিৰ মতে ১২ৰ পৰা ১৮ মাহত এটা প্ৰতিষেধক আহিব পাৰে।

গতিকে ক’ভিড-১৯ৰ সৈতে যুঁজ দীঘলীয়া হ’ব পাৰে।

“ইয়াৰ অৰ্থ কাঁহ এটা বা পাতলীয়া পানীলগা জ্বৰৰ লক্ষণ এৰাই চলি কামলৈ ওলাই যোৱা সংস্কৃতিটো শেষ হ’বৰ হ’ল। দূৰৰ পৰা কাম কৰা সন্দৰ্ভতো মানসিকতাৰ এক স্থায়ী পৰিৱৰ্তন হ’ব বুলি বিশেষজ্ঞসকলে ভৱিষ্যৎবাণী কৰিছে,” প্ৰতিবেদনটোত কোৱা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কৰ’নাভাইৰাছৰ বিৰুদ্ধে ১০২টা সম্ভাৱ্য প্ৰতিষেধকৰ দৌৰত আঠটা হিউমেন ট্ৰায়েল পৰ্য্যায়ত আছে।