মানুহে নেদেখা কাজিৰঙাৰ সিংহ! ভাইৰেল হ’ল সংবাদ মাধ্যমত

Lion at kaziranga national park

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

য়ুনেক্সো (UNESCO)ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সিংহও আছে?

ৰাজ্যিক বন বিভাগৰ লগতে পৰিবেশ আৰু বন মন্ত্ৰালয় এই সম্পৰ্কে জ্ঞাত হয় নে নহয় সন্দেহৰ আৱৰ্তত যদিও এছিয়ান নিউজ ইণ্টাৰনেশ্যনেল চমুকৈ এ এন আইত আজি প্ৰকাশিত এটা বাতৰিত অসমৰ পৰিবেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কাজিৰঙাত  বানপানীৰ ফলত আঠটা সিংহ পোৱালীৰ মৃত্যু হৈছে বুলি কোৱাৰ বাতৰি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ভয়াবহ বানপানীত ৰাজ্যৰ ৩০ খন জিলা আক্ৰান্ত হোৱাৰ লগতে ৫.৬ মিলিয়নতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হয়। বানপানীৰ ফলত ৮৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও হাতী, গড়কে ধৰি ২০০ ৰো অধিক জীৱ-জন্তুৰ মৃত্যু হয়।

এন এন আইত প্ৰকাশিত বাতৰিটোত এনেদৰে উল্লেখ কৰা হৈছে ‘‘ বানপানীত ১২ টা গঁড়, যাৰ ভিতৰত তিনিটা বয়স্ক, তাৰোপৰি আঠটা সিংহৰ পোৱালী আৰু হৰিণা, বনৰীয়া ম’হকে ধৰি অন্যান্য জন্তুৰ মৃত্যু হয়’’। বাতৰিটোত অসমৰ মন্ত্ৰীগৰাকীয়ে এনেধৰণে কোৱা বুলি উল্লেখ কৰা হৈছে।

আনহাতে, বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশিত বাতৰিটো সন্দৰ্ভত এয়া নিউজ এজেঞ্চিটোৰ ভুল হোৱা বুলি উল্লেখ কৰি ছ’চিয়েল মিদিয়াত বাতৰিটো ভাইৰেল হোৱাৰ পাছতে তেওঁলোকে বাতৰিটোত প্ৰকাশিত তথ্যৰ শুধৰণি কৰে বুলি মন্তব্য কৰে।

চলিত বৰ্ষৰ বানপানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ অঞ্চল জলমগ্ন হৈ পৰাৰ লগতে উদ্যানখনৰ ২২০ টা জন্তুৰ মৃত্যু হয়। মৃত্যু হোৱা জন্তুবোৰৰ ভিতৰত ২০ টা গঁড়, ১২০ টা বনৰীয়া হৰিণা, এটা হাতী আৰু অন্যান্য।