‘কৃষকৰ কথা শুনক চৰকাৰে’ : কেন্দ্ৰীয় কৃষি আইন বিৰোধিতাৰে এলডিপি, অসমৰ আহ্বান

GAsOemEf

লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টী, অসমে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে নতুন কৃষি বিধেয়কখনক কৃষক বিৰোধী আখ্যা দি ইয়াৰ বিৰুদ্ধে আয়োজন কৰা ‘দিল্লী চালো’ মাৰ্চৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ যোগে দলটোৰ ৰাজ্যিক অধ্যক্ষ হলিৰাম টেৰাঙে কয়,” আমাৰ ৰাজ্য চৰকাৰে গতানুগতিকভাৱে কেন্দ্ৰই অনা আন বিধেয়কসমূহৰ নিচিনাকৈ কৃষি বিধেয়ক কেইখনকো সমৰ্থন কৰিছে। অসমৰ অৰ্থনীতি মূলত কৃষিভিত্তিক, ইয়াৰ মাটি সাৰুৱা। তথাপি কৃষি উৎপাদনৰক্ষেত্ৰত ৰাজ্যখনৰ স্থান দেশৰ ভিতৰতে তলত।”

“এনে পৰিস্থিতিত অৱশ্যেক আছিল কৃষকৰ সুবিধাৰ্থে তৈয়াৰ কৰা এখন বিধেয়ক যাৰদ্বাৰা ৰাজ্যখনত কৃষি উৎপাদন বঢ়োৱাৰ লগতে কৃষকে  সঠিক মূল্য পোৱাটো নিশ্চিত কৰিব পাৰি।” বিবৃতিটোত টেৰাঙে কয়।

তেওঁ অভিযোগ কৰি লগতে আৰু কয়, “কিন্তু ৰাজ্য চৰকাৰে এই বিষয়ত কোনো চিন্তা-ভাৱনা কৰা পৰিলক্ষিত হোৱা নাই। ৰাজ্যখনত কৃষি উৎপাদন বঢ়াবলৈ ব্যৱস্থা লোৱাৰ সলনি ৰাজ্য চৰকাৰখন কেন্দ্ৰৰ কৃষি বিধেয়কখনহে সমৰ্থন কৰাত ব্যস্ত থাকিল যিকেইখনৰ দ্বাৰা ভাৰতৰ কৃষি ক্ষেত্ৰখন ব্যক্তিগত খণ্ডৰ আগমন সুনিশ্চিত কৰা হ’ল।”

“নতুন বিধেয়ক কেইখনৰ বাবে এতিয়া ব্যক্তিগত মালিকাধীন ব্যৱসায়ী গোষ্ঠীয়ে দাম নিয়ন্ত্ৰণৰ জৰিয়তে সম্পূৰ্ণ কৃষি ক্ষেত্ৰখনত স্বেচ্ছাচাৰী শাসন চলোৱা পুৰামাত্ৰাই সম্ভৱ। ইয়াৰ ফলস্বৰূপে অসমত ইতিমধ্যে হৈ থকা কৃষি উৎপাদন আৰু কমি যোৱাৰ সম্ভাৱনা আহি যাব। বিবৃতিটো এইদৰেও উল্লেখ কৰিছে অধ্যক্ষ হলিৰাম টেৰাঙে।

এলডিপি-এ প্ৰেছ বিজ্ঞপ্তিটোত আৰু কয় যে নতুন কৃষি বিধেয়ককেইখন সম্পূৰ্ণৰূপে কৃষকৰ স্বাৰ্থৰ পৰিপন্থী। বিধেয়ককেইখন বহুলাংশে আসোঁৱাহপূৰ্ণ যি অৱশেষত কৃষিক্ষেত্ৰখন ব্যক্তিগতখন্ডৰ আওতালৈ ঠেলি দিব। বিশিষ্ট অৰ্থনীতিবিদসকলেও এই বিধেয়ককেইখনৰ বিৰোধিতা কৰিছে। চৰকাৰে তেওঁলোকৰ কথা শুনা উচিত বুলিও উল্লেখ কৰিছে দলটোৱে।