টীয়কৰ কণমানি আদ্ৰী দত্ত সৰ্বভাৰতীয় নৃত্য প্ৰতিযোগিতাৰ চুড়ান্ত পৰ্যায়ত উপনীত হৈছে

Screenshot_2020-11-02-15-50-24_1

যোৰহাট জিলাৰ টীয়কৰ কণমানি আদ্ৰী দত্তই শ্ৰীৰাম জেনেৰেল ইঞ্চুৰেন্স কোম্পানীয়ে আয়োজন কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত অসমৰ হৈ চুড়ান্ত পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে।

নিজ পাৰদৰ্শিতাৰে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে Top 23ৰ ভিতৰত অন্তর্ভুক্ত হৈ পূব প্ৰান্তৰ পৰা প্ৰথম স্থান লাভ কৰি প্ৰতিযোগিতাখনিৰ চুড়ান্ত শাখাত অৱতীৰ্ণ হ’বলৈ সুযোগ লাভ কৰিছে আদ্রীয়ে।

অহা সাত নৱেম্বৰ তাৰিখে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগে প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব।

সেয়ে আদ্ৰী বৰ্তমান ব্যস্ত নৃত্য আখৰাত। ফেচবুক আৰু ইউটিউবত like আৰু share কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলোৰে আশীৰ্বাদ বিচাৰিছে দহ বছৰীয়া কণমানিজনীয়ে।

আপোনালোকৰ আশীৰ্বাদ তথা মৰমে অনাগত দিনত আদ্ৰীক প্ৰতিযোগিতাখনিত জয়ী হোৱাই নহয় অসমৰ নাম আকৌ এবাৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত জিলিকাই ৰাজ্যবাসীক উৎফুল্লিত কৰিব বুলি এই আশা কৰা হৈছে।