NORTHEAST NOW (Assamese)

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

July 10, 2025 3:13 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটীৰ কাহিলীপাৰাত এটা প্ৰেম কাহিনীৰ হৃদয়বিদাৰক পৰিণতিত স্তম্ভিত হৈ পৰিছে স্থানীয় ৰাইজ। কল্যাণী নগৰত বৃহস্পতিবাৰে পুৱা ভাড়াঘৰত একেলগে থকা এহাল যুৱক-যুৱতীয়ে আত্মহত্যাৰ প্ৰয়াস কৰে। নৱজ্যোতি তালুকদাৰ নামৰ লোকজনৰ মৃত্যুক সাৱতিলোৱাৰ পিছতে তেওঁৰ সংগী সুস্মিতাই দাসক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে প্ৰায় এবছৰ ধৰি দুয়োৰে মাজত লিভ ইন সম্পৰ্ক আছিল। দুয়োৰে মাজত বহুসময় ধৰি সম্পৰ্কত উত্তেজনাই বিৰাজ কৰিছিল। সঘনাই হোৱা কাজিয়া আৰু ভুল বুজাবুজি তেওঁলোকৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছিল। ঘটনাৰ দিনাই বিবাদে গুৰুতৰ ৰূপ ধাৰণ কৰে। নৱজ্যোতিয়ে সুষমিতাক এটা কোঠাত আবদ্ধ কৰি ঘৰটোত নিজৰ প্ৰাণ ত্যাগ কৰাৰ অভিযোগ উত্থাপন হৈছে। সুস্মিতাই আত্মহত্যাৰ চেষ্টা কৰে যদিও সময় থাকোতে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়। যুৱক জনক মৃত অৱস্থাত উদ্ধাৰ কৰে। আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে, সুস্মিতাক লগে লগে হায়াত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

চিকিৎসালয়ত সোধা-পোছাৰ সময়ত সুস্মিতাই স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে যে তেওঁলোকৰ সম্পৰ্ক কিছুদিনৰ পৰা বেয়া হৈ আছিল। নিয়মীয়া কাজিয়া আৰু আৱেগিক চাপে দুয়োকে ক্ষতি কৰিছিল। সূত্ৰই জনোৱা মতে, সুস্মিতাই মহানগৰীৰ এটা চেটেলাইট নিউজ চেনেলত কৰ্মৰত আছিল। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related News