কাজিৰঙাত পশুধনৰ প্ৰতিষেধক প্ৰদানৰ অভিযান; সুৰক্ষিত হ’ব কাজিৰঙাৰ বন্যপ্ৰাণী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগতে কাষৰীয়া অঞ্চলৰ পশুধনৰ কল্যানৰ বাবে উদ্যান কৰ্তৃপক্ষই পশুধনক প্ৰতিষেধক প্ৰদানৰ কাম কৰি আহিছে ৷ বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো উদ্যানখনৰ কৰ্তৃপক্ষই বিভিন্ন বেচৰকাৰী সংগঠনৰ সহযোগত পশুধনৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰিছে ৷

বে চৰকাৰী প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, ভূমি, কৰবেট ফাউণ্ডেচন, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ লগতে পশু চিকিৎসা বিভাগৰ বোকাখাত আৰু কলিয়াবৰ মহকুমাৰ সহযোগত যোৱা ১৬ জুনৰ পৰা এই প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷

বেচৰকাৰী সংগঠনৰ সহযোগত এতিয়া কাজিৰঙাৰ অগৰাতলি, কহঁৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ কাষৰীয় জনপদ সমূহত পশুধনক প্ৰতিষেধক প্ৰদানৰ কাম চলি আছে ৷ কাষৰীয় জনপদৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ নদীপৰীয়া চাপৰি বোৰতো এই অভিযান চলাই থকা হৈছে ৷

পশুধনক প্ৰতিষেধক প্ৰদানৰ এই অভিযানে কাজিৰঙাৰ কাষৰীয় অঞ্চলৰ জনসাধাৰণক উপকৃত কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীকো বিভিন্ন ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব বুলি মন্তব্য কৰিছে কাজিৰঙা সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰে ৷