বুচাত নিহত ৯০ শতাংশ নাগৰিকক ৰাছিয়ান সেনাই গুলীয়াই হত্যা কৰাৰ দাবী স্থানীয় মেয়ৰৰ

bucha-killings-ukrain

ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ সমীপৱৰ্তী বুচা চহৰত ৰাছিয়ান সেনাই চলোৱা  নিধনযজ্ঞত নিহত নাগৰিকসকল বোমাৰ আক্ৰমণত নহয়, বৰঞ্চ তেওঁলোকৰ ৯০শতাংশকে গুলী কৰি হত্যা কৰা হৈছিল। স্থানীয় মেয়ৰ আনাতোলি ফেডোৰুকে এই দাবী কৰিছে।

ফেডোৰুকৰ এই দাবীৰ কথা বৃহস্পতিবাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ৰাছিয়াৰ কৰ্তৃপক্ষই দাবী কৰিছিল যে ইউক্ৰেইনৰ নিজৰেই বোমাৰ আঘাতত বুচাত নিধনযজ্ঞ ঘটিছে। এই দাবীৰ প্ৰত্যুত্তৰত স্থানীয় মেয়ৰ আনাতোলি ফেডোৰুকে কয় যে বোমাত নহয়, হত্যাৰ বলি হোৱা ৯০ শতাংশ লোকে গুলীত জীৱন হেৰুৱাইছে।

লগতে পঢ়ক: ভ্লাদিমিৰ পুটিনৰ পৰিয়ালৰ বিষয়ে আমি কিমান জানো? কেইটা সন্তানৰ পিতৃ পুটিন?

ফেডোৰুকে জানিবলৈ দিয়া মতে, বুধবাৰে নিশালৈকে ৩২০জন অসামৰিক নাগৰিকৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃত নাগৰিকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে কিয়নো বহুতো মৃতদেহ সৎকাৰ কৰা হৈছে অথবা বুচাৰ বাহিৰৰ গাওঁৰ অঞ্চলত পেলাই দিয়া হৈছে।

ইপিনে, বুচাৰ নিধনযজ্ঞৰ বলি হোৱা দৃশ্য তথা ইয়াৰ ভিডিঅ’সমূহ ৰাছিয়াৰ কৰ্তৃপক্ষই ভুৱা বুলি অভিহিত কৰিছে। এইবোৰ ইউক্ৰেইনৰ সেনা বাহিনীয়ে সৃষ্টি কৰা নাটক বুলি দাবী কৰিছে ৰাছিয়াই।