NORTHEAST NOW (Assamese)

কলিয়াবৰত প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

January 30, 2021 3:30 pm ·

কলিয়াবৰৰ বৰঘূলীত প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই অভিযোগ উত্থাপন হৈছে গ্ৰাম্য চড়ক যোজনাৰ অধীনৰ বৰঘূলীৰ পৰা হাতীবন্ধা হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটিৰ নিৰ্মাণ কাৰ্যত।

নিম্নমানৰ সামগ্ৰী ব্যবহাৰ কৰাৰ লগতে পথটি নিৰ্মাণত বালিৰ পৰিবৰ্তে মাতি ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। আনকি ৰাইজৰ অভিযোগ যে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই ঠিকাদাৰে পথটি নিৰ্মাণ কাম দিন নকৰি ৰাতিহে কৰি আহিছে।

দিনৰ ভাগত অনিয়মৰ মাজেৰে পথটিৰ কাম কৰিলে ৰাইজে বাধা প্ৰদান কৰাত নিশাৰ ভাগত শ্ৰমিকক কাম কৰিবলৈ লগাই নিশাচৰ ঠিকাদাৰ ফজল আলিয়ে।

উল্লেখ্য যে প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথটিৰ বিগত ৫ জুন তাৰিখে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আধাৰশিলা স্থাপন কৰিছিল।

Related News