উন্মুক্ত কৃষ্ণাইৰ বানে ছিঙা মইনামতী মথাউৰি : সমাগত বাৰিষাৰ কথা সুঁৱৰি ত্ৰস্তমান ক্ষতিগ্ৰস্ত ৰাইজ

Krishnai

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ মইনামতী মথাউৰিটো পুণঃ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ দাবী তুলিছে অঞ্চলবাসীয়ে৷

উল্লেখ্য যে  কৃষ্ণাই নৈৰ কঢ়াল গ্ৰাসৰ পৰা গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বৃৃৃহৎ সংখ্যক গাঁৱক ৰক্ষা কৰাৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা মইনামতী মথাউৰিটো আজিও উন্মুক্ত হৈয়ে আছে৷

২০১৪ চনৰ প্ৰলংকাৰী বানপানীয়ে মথাউৰিটোৰ খাৰিজা মাণিকপুৰৰ অংশটো ছিঙি নিয়াৰ পিছত আজিলৈ মেৰামতি কৰা নহ’ল এই মথাউৰিটো৷

যাৰ ফলত প্ৰতি বছৰে বাৰিষা আহিলেই বিস্তৰ ক্ষতিৰ সন্মুখীন হয় অঞ্চলটোৰ বৃহৎ সংখ্যক গাঁও৷ মেঘালয়ৰ পৰা বাগৰি অহা কৃষ্ণাই নৈৰ বাঢ়নী পানীয়ে উন্মুক্ত মথিউৰিৰে বাগৰি বুৰাই পেলায় খাৰিজা মাণিকপুৰ,গৰগৰীয়াবড়ী,ভেলাখামাৰ, পাখিৰীগুৰি, হাৰিমুৰা, মাজগাওঁ, লালাবৰি আদি অঞ্চলৰ খেতি পথাৰ৷

এই মথাউৰিটো পুণঃ নিৰ্মাণ নোহোৱাৰ ফলতেই ইতিমধ্যে বালিৰ তলত পোত গৈছে কেবা হেক্টৰ কৃষি ভূমি৷ বিধ্বস্ত হৈছে কৃষ্ণাই নেপালীখুঁটি গড়কাপ্তানি পথ আৰু কৃষ্ণাই লালাবৰি ভায়া ভেলাখামাৰ গড়কাপ্তানি পথ৷

প্ৰণিধানযোগ্য যে, বিগত বৰ্ষত মইনামতী মথাউৰিটো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজে পৰিদৰ্শন কৰি মেৰামতিৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ সেয়া কাৰ্যকৰী নহ’ল৷

স্থানীয় বিধায়ক,সাংসদ সকলো এই ক্ষেত্ৰত নিমাত৷ সেয়ে ভুক্তভোগী ৰাইজে নতুন চৰকাৰখনক এই বিষয়ত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ দাবী জনাইছে৷