কোভিড-১৯’ৰ প্ৰট’কল মানি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যৰ পৰ্যটকৰ সমাগম

IMG-20201021-WA0026~3

কাজিৰঙাত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো: নর্থইষ্ট নাও

কোভিড-১৯’ৰ ভয়াবহ সংক্ৰমণৰ মাজতেই সামৰণি পৰিল শাৰদীয় দুৰ্গা পূজাৰ ৷ কোভিড-১৯’ৰ ভয়াবহতা আৰু দীৰ্ঘদিনীয়া লকডাউনে মানুহৰ মনত পেলোৱা প্ৰভাৱৰ অন্ত পেলাই অকনমান মানসিক প্ৰশান্তি বিচাৰি এতিয়া কাজিৰঙালৈ আহিছে দেশীয় পৰ্যটক ৷

দুৰ্গা পূজাৰ চাৰিওটা দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৮০০ জন পৰ্যটকে পৰিদৰ্শন কৰিলে কাজিৰঙা ৷

ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত ৫০০ খনতকৈও অধিক জীপছীত ১৮০০ পৰ্যটকৰ প্ৰৱেশ কৰাৰ তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

যাৰ বাবে ২০২০-২১ পৰ্যটন বৰ্ষৰ আৰম্ভণিতে পৰ্যটকৰ সন্তোষজনক উপস্থিতি দেখিবলৈ পোৱা গৈছে ৷ পূজাৰ অৱসৰৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে ভিৰ কৰিছেহি অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰ্যটকে।

কোভিড ১৯’ৰ সংক্ৰমণ প্ৰতিৰোধৰ বিভাগীয় নীতি-নিৰ্দেশনা অনুসৰণ কৰি এই সকল পৰ্যটকে প্ৰৱেশ কৰিছে কাজিৰঙাত।

কোভিড-১৯ সংক্ৰমণৰ পটভুমিত কাজিৰঙাত বহি:ৰাজ্য আৰু বিদেশী পৰ্যটকৰ উপস্থিতি সীমিত যদিও স্থানীয় পৰ্যটকৰ উপস্থিতি আশাব্যঞ্জক বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ৷ যাৰ বাবে কাজিৰঙাৰ পৰ্যটন নিৱাস আৰু অতিথিশালাবোৰো ব্যস্ত হৈ পৰিছে ৷

কোভিড-১৯ ৰ সংক্ৰমণে মষিমূৰ কৰি দিয়া অৰ্থনীতি যেন পুনৰ প্ৰাণ পাই উঠিছে ৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু স্থানীয় পৰ্যটন নিৱাস আৰু অতিথিশালাবোৰে পৰ্যটকৰ বাবে আৰোপ কৰা কোভিড প্ৰট’কলত সঁহাৰিও জনাইছে সকলোৱে ৷

উদ্যানত প্ৰৱেশৰ প্ৰাকক্ষনত প্ৰতিখন বাহন ছেনিটাইজড কৰা, প্ৰতিজন পৰ্যটকৰ শৰীৰৰ উত্তাপ পৰীক্ষণ কৰা আৰু ১০ বছৰৰ তলৰ আৰু ৬০ বছৰৰ উৰ্ধৰ লোকক উদ্যানত প্ৰৱেশত বাধা আৰোপ কৰিছে কৰ্তৃপক্ষই ৷

ইয়াৰ মাজতে কোভিড প্ৰট’কলৰ বাবে একাংশ পৰ্যটকে ১০ বছৰৰ তলৰ সন্তানক উদ্যান দৰ্শনৰ বাবে নিব নোৱাৰাত দুখো প্ৰকাশ কৰিছে ৷

ইপিনে, অহা ১ নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰীও আৰম্ভ কৰা হ’ব বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে ৷