• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জৰাজীৰ্ণ ডিমৌ-ৰাইডংগীয়া পথত মাছ ধৰি, ভূঁই ৰুই প্ৰতিবাদ : মহিলাই জ্বলালে বিধায়কৰ পুত্তলিকা

মিণ্টু দাস by মিণ্টু দাস
August 25, 2018 6:44 am
Raidongia photo

ডিমৌ-ৰাইডংগীয়া সংযোগী গড়কাপ্তানি পথটি মেৰামতিৰ দাবীত স্থানীয় ৰাইজৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌ-ৰাইডংগীয়া সংযোগী গড়কাপ্তানি পথটি মেৰামতিৰ দাবীত বৃহস্পতিবাৰে নিশা শেতালী গাঁৱৰ মহিলা আৰু শিশুৱে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত শুকুৰবাৰেও এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মহিলা তথা স্থানীয় ৰাইজে।

বৃহস্পতিবাৰে নিশা জিলা প্ৰশাসন অথবা বিভাগীয় কৰ্তৃপক্ষৰ কোনো লোক প্ৰতিবাদস্থলীত উপস্থিত হৈ ৰাইজৰ সমস্যাৰ বুজ নোলোৱাৰ ক্ষোভতে শুকুৰবাৰে মহিলা আৰু স্থানীয় লোকসকলে পুনৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

Raidongia photo effigy burn
স্থানীয় সমস্যাৰ প্ৰতি উদাসীন বিধায়ক ডিম্বেশ্বৰ দাসৰ পুত্তলিকা দাহ কৰে মহিলাসকলে। ফটো : নৰ্থইষ্ট নাও

পুৱা ১০ বজাত শেতালীৰ মহিলাসকলে হাতে হাতে জাকৈ-খালৈ লৈ ৰাজপথলৈ ওলাই আহি পুখুৰীসদৃশ ৰূপ ধাৰণ কৰা পথটিৰ ওপৰত মাছ মৰাৰ লগতে ভূঁই ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষুব্ধ মহিলাসকলে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস হুচিয়াৰ, গড়কাপ্তানি বিভাগ হায় হায়, আমাক ৰাস্তা লাগিবই আদি বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

আনকি মহিলাসকলে প্ৰতিবাদস্থলীতে  ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ পুত্তলিকাও দাহ কৰে। ইপিনে, স্থানীয় মহিলাৰ প্ৰতিবাদত পথটিৰে প্ৰায় দুঘন্টাৰ বাবে যাতায়ত স্তব্ধপ্ৰায় হৈ পৰে। যাৰ পৰিপ্ৰক্ষিতত পথৰ দুয়োফালে শতাধিক সৰু-বৰ বাহন আবদ্ধ হৈ পৰা পৰিলক্ষিত হয়।

পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত ৰহা চক্ৰ বিষয়া আৰু ৰহা আৰক্ষী উপস্থিত হয় আৰু ৰাইজৰে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত চক্ৰ বিষয়াগৰাকীয়ে দুদিনৰ ভিতৰত পথটি মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰাতহে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।

উল্লেখ্য যে, ডিমৌ-ৰাইডংগীয়া সংযোগী গড়কাপ্তানি পথটিৰ ডিমৌৰ পৰা শেতালীলৈকে পথছোৱাৰ অতিশয় জৰাজীৰ্ণ অৱস্থাই বছৰ বছৰ ধৰি জ্বলা-কলা খুৱাই আহিছে পথচাৰী তথা সৰ্বসাধাৰণ ৰাইজক। ৰহা সমষ্টিৰ অন্তৰ্গত পথ চোৱাৰ বিধ্বস্ত অৱস্থাৰ অৱসান বিচাৰি স্থানীয় ৰাইজে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাছতো কোনো সুফল নোপোৱাত অৱশেষত যেন ধৈৰ্যৰ বান্ধ ছিগিল স্থানীয় মহিলা তথা ৰাইজৰ।

শ শ মহিলা আৰু কণ কণ শিশুৱে পথটো অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাত সমগ্ৰ পৰিস্থিতিটো বৃহস্পতিবাৰে নিশা ৰহা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব লগা হৈছিল।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd