NORTHEAST NOW (Assamese)

Protest against opening wine shop: বিলাতী সুৰাৰ দোকান খোলাক লৈ উত্তপ্ত পৰিস্থিতি; ধনুভাঙাৰ দুৰামাৰীত ৰাইজৰ প্ৰতিবাদ

July 29, 2022 11:00 am · নীলমনি শর্মা, কৃষ্ণাই
ফটো: নৰ্থইষ্ট নাও।

Locals protested against to opening a wine shop ধূপধৰা থানাৰ অন্তৰ্গত ধনুভাঙাত বিলাতী সুৰাৰ (Wine shop) দোকান খোলাক লৈ বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ধনুভাঙাৰ দুৰামাৰী গাঁৱত দীপক কছাৰীৰ নামত তেওঁৰ বাৰীৰ চৌহদত নীনা ৰাভা নামৰ যুৱতী এগৰাকীয়ে বুধবাৰে এখন সুৰাৰ দোকান মুকলি কৰে। ইয়াকে লৈ গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

আজি দুৰামাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনী, মহিলা সমিতি, দুৰামাৰী পাৰালি সমাজৰ পুৰুষ-মহিলা সকল দুৰামাৰী ক্লাৱত একগোট হৈ হাতে হাতে প্লে কাৰ্ড লৈ সুৰাৰ দোকান বন্ধ কৰক, সুৰাৰ দোকান বন্ধ কৰিবই লাগিব আদি বিভিন্ন শ্ল’গান দি সুৰাৰ দোকান খন বন্ধ কৰিবলৈ আহে।

ফটো: নৰ্থইষ্ট নাও।

প্ৰতিবাদকাৰী ৰাইজে আহি সুৰাৰ দোকানত প্ৰবেশ কৰাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়।

সুৰাৰ দোকান বন্ধ নকৰালৈকে ৰাইজ আঁতৰি নাযায় বুলি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

ঘটনাৰ খবৰ পাই ধূপধৰা থানাৰ আৰক্ষীৰ দল ঘটনা স্থলীত উপস্থিত হয়। আৰক্ষী বাহিনীয়ে ৰাইজক সেই স্থান ত্যাগ কৰিব লৈ নিৰ্দেশ দিয়ে যদিও নিশালৈকে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী চলায় থাকে।

ফটো: নৰ্থইষ্ট নাও।

পিছত ৰংজুলি উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া ঘনশ্যাম বড়ো উপস্থিত হোৱাত ৰাইজে দোকান খন বন্ধ কৰিবৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহে।

Related News