NORTHEAST NOW (Assamese)

পাণ্ডুত খাদ্য সামগ্ৰী বিতৰণৰ সময়ত ল’কডাউন ভংগ কৰি শতাধিক দায়িত্বজ্ঞানহীন জনতাৰ ভিৰ

April 17, 2020 4:12 pm · কল্পজ্য়োতি শইকীয়া
Updated: April 17, 2020 11:00 pm
পাণ্ডুত লকডাউন উলংঘা কৰি ওলাই অহা জনতা

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা ল’কডাউনৰ সম্পূৰ্ণ বিপৰীত দৃশ্য আজি দেখিবলৈ পোৱা গ’ল গুৱাহাটী মহানগৰীৰ পাণ্ডুত।

সুব্ৰত দে নামৰ এজন লোকে অঞ্চলটোৰ কাউঞ্চিলাৰ শ্যামল চক্ৰৱৰ্তীৰ নেতৃত্বত আজি পাণ্ডুৰ ৪ নং ৱাৰ্ডৰ অভাৱগ্ৰস্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছিল।

আনহাতে, বিতৰণ কৰা খাদ্য সামগ্ৰী গ্ৰহণ কৰিবৰ বাবে অঞ্চলটোৰ শতাধিক দায়িত্বজ্ঞানহীন লোকে চৰকাৰ আৰু প্ৰশাসনৰ ল’কডাউনৰ সকলো নীতি-নিৰ্দেশনা উলংঘা কৰি ওলাই আহে।

খাদ্য সামাগ্ৰী বিতৰণৰ সময়ত উক্ত ঠাইত সমবেত হোৱা শতাধিক লোকে কোনোধৰণৰ মাস্ক আদি পৰিধান নকৰাৰ লগতে চৰকাৰৰ সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান উলংঘা কৰে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা এনে ভয়ংকৰ পৰিবেশৰ পাছতো ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন নাগৰিকে।

অৱশ্যে পৰৱৰ্তী সময়ত সাংবাদিক আৰু কিছু সংখ্যক সচেতন জনতাৰ প্ৰচেষ্টাত জনসাধাৰণৰ ভিৰ কমে।

ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণ ৰোধ কৰাৰ বাবে ২০ এপ্ৰিললৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য সমূহক আৰু অধিক কঠোৰ বাবে নিৰ্দেশ দিয়াৰ পাছত গুৱাহাটী মহানগৰীৰ পাণ্ডুত সংঘটিত হোৱা এনে কাণ্ডজ্ঞানহীন ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।

Related News