এটা দৃষ্টান্তমূলক পদক্ষেপ লৈ আজি গোলাঘাট আৰক্ষীয়ে অসম গৌৰৱ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ চহিদ কুশল কোঁৱৰক আটক কৰি ৰখা কুঠৰীটো সংৰক্ষণৰ সিদ্ধান্ত লয়।
বিৰল দেশপ্ৰেমেৰে ব্ৰিটিছৰ ফাঁচিকাঠত হেলাৰঙে মূৰ পাতি দিয়া অসম সন্তানজনৰ মৃত্যুৰ প্ৰায় ৭৭ বছৰৰ পাছত গোলাঘাট আৰক্ষীৰ এই পদক্ষেপ চহিদজনৰ প্ৰতি বিৰল শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে। ঐতিহ্য বিজড়িত লক-আপটো আজিৰ পৰা এটা গৌৰৱযুক্ত সম্পদত পৰিণত হ’ল।
ভাৰত ত্যাগ আন্দোলনৰ সময়ত ১৯৪২ চনৰ ১০ অক্টোবৰত সৰুপথাৰত ব্ৰিটিছ সেনাবাহিনীৰ ৰে’লগাড়ী বগৰোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰি ব্ৰিটিছ সেনাই গ্ৰেপ্তাৰ কৰি গোলাঘাট সদৰ আৰক্ষী থানাৰ ভিতৰত থকা এই বিশেষ কোঠাটোত কিছুদিনৰ বাবে বন্দী কৰি ৰাখিছিল। কুশল কুঁৱৰ সেই সময়ত এজন বিপ্লৱী কংগ্ৰেছ নেতা আছিল।
স্বাধীনতা সংগ্ৰামৰ ইতিহাস সমৃদ্ধ কৰা উক্ত সম্পদটিৰ পুনৰ নিৰ্মাণ কৰি সংৰক্ষণ কৰাৰ চিন্তাটোৱে পোখা মেলে চলিত বৰ্ষৰ জানুৱাৰি মাহত গোলাঘাটৰ নতুন আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ আগমনৰ লগে লগে।
নৱনিযুক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰ আৰক্ষী থানা পৰিদৰ্শনৰ সময়ত থানাৰ এজন কৰ্মচাৰীয়ে উক্ত বিশেষ কক্ষটোৰ কথা উল্লেখ কৰে। ইয়াৰ পিছতে উক্ত কক্ষটো পুনৰনিৰ্মাণ কৰি ঐতিহ্যৰ সমল হিচাপে সংৰক্ষণ কৰাৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হয়।
এইক্ষেত্ৰত সদৰ আৰক্ষী থানাৰ প্ৰতিজন কৰ্মচাৰী আৰু উচ্চপদস্থ বিষয়াসকলে প্ৰয়োজনীয় অৰ্থ আগ বঢ়োৱা বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাই জানিবলৈ দিছে।
উল্লেখযোগ্য যে ইতিমধ্যে পুনৰ নিৰ্মাণ কৰি ৰং-তেলেৰে সজাই তোলা উক্ত আঠ x দহ ফুটীয়া কক্ষটোৰ দুৱাৰ ১৫ যোৱা ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত জিলা উপায়ুক্ত ধীৰেন হাজৰিকাই আনুষ্ঠানিকভাৱে উন্মোচন কৰি সৰ্বসাধাৰণ ৰাইজৰ দর্শনৰ মুকলি কৰি দিছে।
আনহাতে উক্ত কক্ষতে গোলাঘাট আৰক্ষীয়ে কুশল কোঁৱৰৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনাও কৰিছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ১৯৪২ চনৰ ৫ নৱেম্বৰত উক্ত ৰে’ল বগৰোৱাৰ অভিযোগত কোঁৱৰক গ্ৰেপ্তাৰ কৰা হৈছিল। ব্ৰিটিছে এক পক্ষীয় বিচাৰ চলাই ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা তেওঁক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়ে।