• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চহিদ কুশল কোঁৱৰক ৰখা লক-আপ সংৰক্ষণেৰে প্ৰশংসনীয় পদক্ষেপ গোলাঘাট আৰক্ষীৰ

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
August 17, 2019 10:14 pm
Martyr Kushal Kowar Cell

চহিদ কুশল কোঁৱৰক কিছুদিন আবদ্ধ কৰি ৰখা গোলাঘাট সদৰ থানাৰ লক-আপটো নতুন ৰূপত দেখা গৈছে।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা দৃষ্টান্তমূলক পদক্ষেপ লৈ আজি গোলাঘাট আৰক্ষীয়ে অসম গৌৰৱ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ চহিদ কুশল কোঁৱৰক আটক কৰি ৰখা কুঠৰীটো সংৰক্ষণৰ সিদ্ধান্ত লয়।

বিৰল দেশপ্ৰেমেৰে ব্ৰিটিছৰ ফাঁচিকাঠত হেলাৰঙে মূৰ পাতি দিয়া অসম সন্তানজনৰ মৃত্যুৰ প্ৰায় ৭৭ বছৰৰ পাছত গোলাঘাট আৰক্ষীৰ এই পদক্ষেপ চহিদজনৰ প্ৰতি বিৰল শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে। ঐতিহ্য বিজড়িত লক-আপটো আজিৰ পৰা এটা গৌৰৱযুক্ত সম্পদত পৰিণত হ’ল।

Apply Now

ভাৰত ত্যাগ আন্দোলনৰ সময়ত ১৯৪২ চনৰ ১০ অক্টোবৰত সৰুপথাৰত ব্ৰিটিছ সেনাবাহিনীৰ ৰে’লগাড়ী বগৰোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰি ব্ৰিটিছ সেনাই গ্ৰেপ্তাৰ কৰি গোলাঘাট সদৰ আৰক্ষী থানাৰ ভিতৰত থকা এই বিশেষ কোঠাটোত কিছুদিনৰ বাবে বন্দী কৰি ৰাখিছিল। কুশল কুঁৱৰ সেই সময়ত এজন বিপ্লৱী কংগ্ৰেছ নেতা আছিল।

স্বাধীনতা সংগ্ৰামৰ ইতিহাস সমৃদ্ধ কৰা উক্ত সম্পদটিৰ পুনৰ নিৰ্মাণ কৰি সংৰক্ষণ কৰাৰ চিন্তাটোৱে পোখা মেলে চলিত বৰ্ষৰ জানুৱাৰি মাহত গোলাঘাটৰ নতুন আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ আগমনৰ লগে লগে।

নৱনিযুক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰ আৰক্ষী থানা পৰিদৰ্শনৰ সময়ত থানাৰ এজন কৰ্মচাৰীয়ে উক্ত বিশেষ কক্ষটোৰ কথা উল্লেখ কৰে। ইয়াৰ পিছতে উক্ত কক্ষটো পুনৰনিৰ্মাণ কৰি ঐতিহ্যৰ সমল হিচাপে সংৰক্ষণ কৰাৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হয়।

এইক্ষেত্ৰত সদৰ আৰক্ষী থানাৰ প্ৰতিজন কৰ্মচাৰী আৰু উচ্চপদস্থ বিষয়াসকলে প্ৰয়োজনীয় অৰ্থ আগ বঢ়োৱা বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাই জানিবলৈ দিছে।

উল্লেখযোগ্য যে ইতিমধ্যে পুনৰ নিৰ্মাণ কৰি ৰং-তেলেৰে সজাই তোলা উক্ত আঠ x দহ ফুটীয়া কক্ষটোৰ দুৱাৰ  ১৫ যোৱা ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত জিলা উপায়ুক্ত ধীৰেন হাজৰিকাই আনুষ্ঠানিকভাৱে উন্মোচন কৰি সৰ্বসাধাৰণ ৰাইজৰ দর্শনৰ মুকলি কৰি দিছে।

আনহাতে উক্ত কক্ষতে গোলাঘাট আৰক্ষীয়ে  কুশল কোঁৱৰৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনাও কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ১৯৪২ চনৰ ৫ নৱেম্বৰত উক্ত ৰে’ল বগৰোৱাৰ অভিযোগত কোঁৱৰক গ্ৰেপ্তাৰ কৰা হৈছিল। ব্ৰিটিছে এক পক্ষীয় বিচাৰ চলাই ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা তেওঁক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়ে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm
বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

August 11, 2026 6:45 pm
মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

August 11, 2026 6:36 pm
“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

August 11, 2026 6:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm
বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

August 11, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd