COVID-19 আক্ৰান্ত বৃদ্ধিৰ মাজতে অসমত কমিছে লকডাউন উলংঘন

Lockdown upsets Barpeta's firecracker industry

প্ৰতীকী ছবি।

কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে অসমত লকডাউন উলংঘনৰ ঘটনা কমি অহা পৰিলক্ষিত হৈছে।

বৃহস্পতিবাৰে ৰাজ্যখনত ৪৫টা লকডাউন উলংঘনৰ ঘটনা ঘটাৰ বিপৰীতে শুকুৰবাৰে বিয়লি চাৰি বজালৈকে লক্ষণীয়ভাৱে এনে ঘটনা ১৩টালৈ হ্ৰাস পাইছে।

বুধবাৰে অসমত ৭৯টা লকডাউন উলংঘনৰ ঘটনা ঘটিছিল।

শুকুৰবাৰৰ দিনটোত লকডাউন উলংঘনৰ বাবে অসমত মুঠ পাঁচখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। গ্ৰেপ্তাৰ কৰা হৈছে পাঁচজন লোকক।

জব্দ কৰা যানবাহনৰ সংখ্যা হৈছে ২৬খন। তাৰ ভিতৰত আছে ২৩খন দুচকীয়া আৰু তিনিখন চাৰিচকীয়া বাহন।

দিনটোত মুঠ ২৫,৫০০ টকাৰ জৰিমনা সংগ্ৰহ কৰা হৈছে।

দিনটোত আইন-শৃংখলা উলংঘনৰ কোনো ঘটনা সংঘটিত হোৱা নাই।

আনহাতে লকডাউন ঘোষণা হোৱাৰ পৰা ৩ এপ্ৰিলৰ চাৰি বজালৈকে অসমত মুঠ উলংঘনৰ ঘটনা সংঘটিত হৈছে ৬৮৫টা।

এই সন্দৰ্ভত গোচৰ পঞ্জীয়ন হৈছে ৩৯৩টা আৰু গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা হৈছে ৯৩০গৰাকী।

এই সময়চোৱাত মুঠ ৩৬৩২খন যানবাহন জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে দুচকীয়া ৩৩০১, তিনিচকীয়া ১৯, চাৰিচকীয়া ৩০৭খন, চাৰিখন ট্ৰাক আৰু এখন ট্ৰেইলাৰ।

তাৰোপৰি আঠখন দেশীয় নাৱো জব্দ কৰা হৈছে।

লকডাউনৰ সময়ত মুঠ জৰিমনা সংগ্ৰহ কৰা হৈছে ১২,৬৬,৪০০ টকা।

লকডাউনৰ সময়চোৱাত অসমত আইন-শৃংখলাজনিত ঘটনা ঘটিছে এটা।

অসমত শুকুৰবাৰলৈকে ২০জন COVID-19 ৰোগী চিনাক্ত হৈছে। দিল্লীতো অসমৰ চাৰিজন লোক চিকিৎসাধীন হৈ আছে।

আটাইকেইজন ৰোগীয়ে নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণ কৰিছিল।

ধৰ্মীয় সমাৱেশখনত ভাগ লৈ অসমলৈ ঘূৰি অহা বেছিভাগ লোককে চিনাক্ত কৰি কুৱাৰেণ্টাইন কৰা হৈছে।

ইতিমধ্যে এই লোকসকলৰ কণ্টেক্ত ট্ৰেচিং আৰু টেষ্টিঙৰ বাবে দেশজুৰি অভিযান চলোৱা হৈছে।