অসমত হ্ৰাস পাইছে লকডাউন উলংঘনৰ ঘটনা, বৃহস্পতিবাৰে গ্ৰেপ্তাৰ ২৭

Image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ; উৎস-ইণ্টাৰনেট

অসমত লকডাউন উলংঘনৰ ঘটনা তুলনামূলকভাৱে হ্ৰাস পাইছে। বুধবাৰে ৭৯টা উলংঘনৰ ঘটনাৰ বিপৰীতে বৃহস্পতিবাৰে এই সংখ্যা ৪৫টালৈ হ্ৰাস পাইছে।

দিনটোত মুঠ নখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। গ্ৰেপ্তাৰ কৰা হৈছে ২৭জন লোকক।

বৃহস্পতিবাৰে লকডাউন উলংঘা কৰাৰ বাবে জব্দ কৰা যানবাহনৰ সংখ্যা হৈছে ৬৪খন। তাৰে ভিতৰত আছে ৬২খন দুচকীয়া, তিনিচকীয়া এখন আৰু এখন চাৰিচকীয়া বাহন।

দিনটোত মুঠ ২০ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰা হৈছে।

আনহাতে লকডাউন ঘোষণা হোৱাৰ পৰা ২ এপ্ৰিলৰ চাৰি বজালৈকে অসমত মুঠ উলংঘনৰ ঘটনা সংঘটিত হৈছে ৬২৯টা।

এই সন্দৰ্ভত গোচৰ পঞ্জীয়ন হৈছে ৩৪৯টা আৰু গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা হৈছে ৮৪৩গৰাকী।

এই সময়চোৱাত মুঠ ৩২৭৭খন যানবাহন জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে দুচকীয়া ২৯৬৩, তিনিচকীয়া ১৬, তিনিখন ট্ৰাক, এখন ট্ৰেইলাৰ আৰু ২৯৪খন চাৰিচকীয়া।

লকডাউনৰ সময়ত মুঠ জৰিমনা সংগ্ৰহ কৰা হৈছে ১১,৪৬,৯০০ টকা।

লকডাউনৰ সময়চোৱাত অসমত আইন-শৃংখলাজনিত ঘটনা ঘটিছে এটা।

অসমত শেহতীয়াকৈ ১৬জনকৈ COVID-19 ৰোগী চিনাক্ত হৈছে। দিল্লীতো অসমৰ চাৰিজন লোক চিকিৎসাধীন হৈ আছে।

আটাইকেইজন ৰোগীয়ে নিজামুদ্দিনৰ জামাতত অংশগ্ৰহণ কৰিছিল।

ধৰ্মীয় সমাৱেশখনত ভাগ লৈ অসমলৈ ঘূৰি অহা বেছিভাগ লোককে চিনাক্ত কৰি কুৱাৰেণ্টাইন কৰা হৈছে যদিও এতিয়াও কিছুসংখ্যক লোকক পোৱা হোৱা নাই।

ইতিমধ্যে এই লোকসকলৰ কণ্টেক্ত ট্ৰেচিং আৰু টেষ্টিঙৰ বাবে দেশজুৰি অভিযান চলোৱা হৈছে।

দেশত এই ৰোগত আক্ৰান্তৰ সংখ্যাই ২০০০ৰ দিশে গতি কৰিছে। বিশ্বজুৰি প্ৰায় ১ মিলিয়ন লোক এই ৰোগত আক্ৰান্ত হৈছে।