নলবাৰীত ছাত্ৰনেতা ভৱজিতৰ মহানুভৱতা: আৰ্তজনক বিতৰণ স্ব-উৎপাদিত শাক-পাচলি

Lockdown: AASU leader Bhawajit Bezbarua distributes vegetables among poor in Nalbari

সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱাই লকডাউনৰ মাজতে আৰ্তজনক সহায়ৰ বাবে লৈছে শলাগ ল’বলগীয়া পদক্ষেপ।

ছাত্ৰ নেতাগৰাকীয়ে কৃষি পামত নিজে উৎপাদন কৰা শাক-পাচলি অঞ্চলটোৰ দুখীয়া পৰিয়ালসমূহৰ মাজত বিতৰণ কৰিছে।

লকডাউনত নলবাৰী জিলাখনৰ কৃষক, বনুৱা, দিনমজুৰ, চালকসকল ভীষণ প্ৰত্যাহ্বানৰ মুখত পৰিছে।

দৰিদ্ৰ লোকসকলক চৰকাৰে চাউল যোগান ধৰিছে যদিও তেওঁলোক দালি, মিঠাতেল আৰু কেঁচা শাক-পাচলিৰ ভীষণ সমস্যাত পৰিছে।

ছাত্ৰ নেতাজন আৰু তেওঁৰ সতীৰ্থ প্ৰগতিশীল চিন্তাৰ যুৱককেইজনমানে উৎপাদিত শাকপাচলিসমূহ বিক্ৰীৰ পৰিৱৰ্তে লকডাউনৰ মাজতে ভগাই দিয়াৰ সিদ্ধান্ত কৰে।

স্বাৱলম্বনৰ কথা চিন্তা কৰি ভৱজিত বেজবৰুৱাই ধীমান শৰ্মা, বিশ্বজিৎ ভৰালী,মতলেৱ আলী, দেৰাজ আলী আৰু হৰগোবিন্দ তালুকদাৰক সহযোগী হিচাপে লৈ জিলাখনৰ গোৱৰাদলত কৃষিপামখন গঢ়ি তুলিছে।

চৰকাৰী আঁচনিৰ সহায় সহযোগ অবিহনে প্ৰায় ২৫ বিঘা কৃষিভূমিত ছাত্ৰ নেতাগৰাকীয়ে আলু, সৰিয়হ, ৰঙালাউ, ধনীয়াৰ উপৰি বাৰিষাৰ বতৰত হোৱা কেঁচা শাকপাচলি উৎপাদন কৰিবলৈ সক্ষম হয়।

লকডাউনৰ মাজত কৰ্মহীন হৈ পৰা দৈনিক মজুৰিৰে পৰিয়াল পোহপাল দিয়া লোকসকলক যুৱককেইজনৰ এই পদক্ষেপে যথেষ্ট সকাহ দিবলৈ সক্ষম হৈছে।

দুৰ্য্যোগৰ সময়ত যুৱককেইজনে গ্ৰহণ কৰা এই পদক্ষেপক সচেতন নাগৰিকসকলে প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে ছাত্ৰ নেতাজনে লকডাউনৰ মাজতে নিজৰ ঘৰতে অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰো ব্যৱস্থা কৰিছে।