ল’কডাউনে অসমৰ মীনপালক সকললৈ নতুন সুখবৰ কঢ়িয়াই আনিছে : অৰুপ জ্যোতি পাটগিৰি

ফিছফেড

ক’ৰ’নাৰ সন্ত্ৰাসৰ সময়তে অসমৰ মীনপালক সকললৈ এক সুখবৰ আহিছে ৷ অসমত মাছ উৎপাদেনেৰে স্বাৱলম্বী হ’ব পৰা পূৰ্ণ সম্ভাৱনা আছে ৷ ল’কডাউনৰ সময়ছোৱাত মীন বিভাগ আৰু ফিছফেডে অসমৰ উৎপাদিত মাছৰে ৰাজ্যবাসীৰ অভাৱ পূৰণ কৰি এই কথা প্ৰমাণ কৰিছে।

‘‘ফিছফেডৰ তত্ত্বাৱধানত কেৱল গুৱাহাটীতে প্ৰতিদিন ১৫ ৰ পৰা ২০ কুইণ্টল মাছ যোগান ধৰা হৈছে। ৩৯ হাজাৰ কেজি মাছ ল’কডাউনৰ সময়চোৱাত বিক্ৰী কৰা হৈছে আৰু মাছ বিক্ৰীৰ পৰা লাভ কৰিছে ১ কোটি ২৫ লাখ টকা,’’ নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মীন উন্নয়ন বিষয়া অৰূপ জ্যোতি পাটগিৰিয়ে কয়।

আনহাতে, পাটগিৰিয়ে ল’কডাউনৰ সময়ত হাজো, ৰঙিয়া, নলবাৰী, সোণাপুৰ আদি ঠাইৰ মৎস উৎপাদকসকল বিশেষভাৱে লাভান্বিত হৈছে বুলি কয় ৷

ফিছফেডৰ অন্তৰ্গত প্ৰায় এহেজাৰ জন মীনপালক এই ক্ষেত্ৰত উপকৃত হৈছে বুলিও পাটগিৰিয়ে লগতে জনায়।

ল’কডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ মাছৰ আমদানি বন্ধ হৈ পৰাত অসমত উৎপাদিত মাছেৰেই ৰাজ্যবাসীৰ চাহিদা পুৰণ কৰিছে ৰাজ্যৰ মীন বিভাগ আৰু ফিছফেডে।

পাটগিৰিৰ লগতে  নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে ফিছফেডৰ অন্তৰ্গত সমবায় সমিতিৰ সভাপতি জাহিৰ চৌধুৰীয়ে ৷

গুৰুত্বপূৰ্ণ এই যে, সমগ্ৰ অসমতে ল’কডাউনৰ সময়চোৱাত প্ৰায় ১৮ লাখ কেজি মাছ বিক্ৰীৰ লগতে ৯০ কোটি টকাৰ মাছ বিক্ৰী হোৱা বুলি জনায় চৌধুৰীয়ে কয়, “বহি ৰাজ্যৰ পৰা মাছ আমদানি হৈ আছে কিন্তু ল’কডাউনৰ ফলত বহিঃৰাজ্যৰ পৰা মাছ আহিব পৰা নাই আৰু অসমত মাছৰ নাটনিও হোৱা নায় ৷

ল’কডাউনৰ সময়ত মীনপালক সকল বহু অসুবিধাত পৰিছিল কিয়নো এই ল’কডাউনৰ সময়ত নতুনকৈ মাছ পোনা দিয়াৰ সময় ৷ পোনা উৎপাদন কেন্দ্ৰ সমূহেও এই সময়তে মাছৰ পোনা সমূহ উৎপাদন কৰে।

কিন্তু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ তৎপৰতাত সমবায় সমিতি সমূহক মাছ বিক্ৰীৰ সুবিধা কৰি দিয়া হয়। যাৰ ফলত সমবায় সমিতি সমূহৰ লগতে গুৱাহাটী বাসীও উপকৃত হ’য় ৷

‘‘অসমত মীন পালনেৰে স্বাৱলম্বী হ’ব পৰা এক সোণালী সুযোগ আছে ৷ মীনপালক সকলক মীন বিভাগে আৰু অলপ গুৰুত্ব প্ৰদান কৰিলে ৰাজ্যত উৎপাদিত থলুৱা মাছেৰেই চাহিদা পূৰণ হ’ব ৰাজ্যবাসীৰ  আনকি বহিঃৰাজ্যতো অসমৰ মীন পালক সকলে মাছ যোগান ধৰিবলৈ সক্ষম হ’ব,’’ চৌধুৰীয়ে লগতে কয় ৷