লকডাউন: গুৱাহাটীত ঘৰে ঘৰে বিক্ৰী কৰা হ’ব লোকেল মাছ

Lockdown: Guwahatians to get local fish at fixed price from April 10

লকডাউনৰ মাজতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ১০ এপ্ৰিলৰ পৰা গুৱাহাটী মহানগৰবাসীক ঘৰে ঘৰে লোকেল মাছ যোগানৰ ব্যৱস্থা কৰিছে।

পৰিচয় পত্ৰ থকা মাছৰ বেপাৰীয়ে চাইকেল বা ঠেলাত নি মহানগৰীৰ বিভিন্ন ঠাইত ঘৰে ঘৰে  নিৰ্ধাৰিত দামত মাছৰ যোগান ধৰিব।

বেপাৰীসকলে সতেজ মাছহে বিক্ৰী কৰিব পাৰিব আৰু পথৰ দাঁতিত বা বজাৰত মাছ বিক্ৰী কৰিব নোৱাৰিব।

মাছৰ বেপাৰীসকলক ফিশ্বফেড আৰু ফিছাৰি বিভাগে বিক্ৰীৰ বাবে নিৰ্দিষ্ট অঞ্চল নিৰ্ধাৰণ কৰি দিব।

তাৰোপৰি ৰূপনগৰত থকা ফিশ্বফেড আউটলেটত স্থানীয় লোকসকলে পূৰ্বনিৰ্ধাৰিত দামত মাছ ক্ৰয় কৰিব পাৰিব।

গুৱাহাটীত উজান বজাৰ, পাণ্ডু আৰু ভেটাপাৰাত তিনিটা পইণ্টত মাছৰ পাইকাৰী বজাৰ নিৰ্দিষ্ট কৰা হৈছে।

অনুমতিপ্ৰাপ্ত বাহনৰ যোগেদি সেই স্থানসমূহত মাছৰ পাইকাৰী যোগান ধৰা হ’ব। পুৱা ৭ বজাৰ ভিতৰত পাইকাৰী বজাৰ সমাপ্ত হ’ব লাগিব।

মাছৰ ক্ৰয়-বিক্ৰয় সকলো ক্ষেত্ৰতে সামাজিক দূৰত্বকে ধৰি ক’ভিড১৯ৰ বিৰুদ্ধে সাৱধানতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব।

প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মাছৰ মূল্য হৈছে—

২০০ গ্ৰামৰ তলৰ ভাঙোন মিৰিকা ২৫০ (প্ৰতি কেজি), ১ কেজিৰ তলৰ ৰৌ, কাটলা, মিৰিকা ৩০০ টকা কেজি, ২ কেজিৰ ওপৰৰ ৰৌ, কাটলা, মিৰিকা ৪০০ টকা, ১ কেজিৰ তলৰ গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প আৰু কমন কাৰ্প প্ৰতি কেজি ২৫০ টকা, ১ কেজিৰ ওপৰৰ গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প আৰু কমন কাৰ্প প্ৰতি কেজি ৩০০ টকা, শ’ল, কাৱৈ আৰু শাল মাছ প্ৰতি কেজি ৪৫০ টকা।

এই সমগ্ৰ প্ৰক্ৰিয়াটো ফিছাৰি বিভাগৰ এটা দলে নিৰীক্ষণ কৰিব আৰু তেওঁলোকৰ ওপৰত ইয়াৰ সম্পূৰ্ণ দায়িত্ব থাকিব।