NORTHEAST NOW (Assamese)

পৰ্য্যায়ক্ৰমে আঁতৰিব লকডাউন, কেন্দ্ৰৰ নিৰ্দেশ জাৰি

May 30, 2020 7:45 pm · এন ই নাও নিউজ
Updated: May 30, 2020 8:02 pm
প্ৰতীকী ছবি।

কেন্দ্ৰই শনিবাৰে জাৰি কৰা নিৰ্দেশমতে ৮ জুনৰ পৰা দেশত পৰ্য্যায়ক্ৰমে লকডাউন আঁতৰিব।

কিন্তু কণ্টেইনমেণ্ট জ’নসমূহত অহা ৩০ জুনলৈকে লকডাউন জাৰি থাকিব।

কণ্টেইনমেণ্ট জ’নৰ বাহিৰৰ অঞ্চলসমূহত পৰ্য্যায়ক্ৰমে সকলো কাম-কাজ মুকলি কৰা হ’ব।

তাৰোপৰি ৰাজ্যসমূহে মূল্যায়নৰ ভিত্তিত কাম-কাজসমূহৰ ওপৰত সীমাবদ্ধতা/ নিষিদ্ধতা আৰোপ কৰিব পাৰিব।

পূৰ্বে ৩১ মে’পৰ্য্যন্ত লকডাউন জাৰি কৰা হৈছিল।

Related News