লকডাউন: চৰকাৰী বাছেৰে উভটিব পাৰিবনে আপুনি? ব্যস্ত ১০৪

Lockdown: Will you be able to return by ASTC bus?

প্ৰতিনিধিত্বমূলক চিত্ৰ

লকডাউনৰ মাজতে মানৱীয়তাৰ খাতিৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য ও বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন্তঃ জিলা পৰিবহণ অহা তিনিটা দিনৰ বাবে মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল।

কেৱল ঘৰলৈ আৰু কাৰ্যালয়লৈ উভটিবৰ বাবে জনসাধাৰণক চৰকাৰী বাছৰ সুবিধা কৰি দিয়াৰ কথা ঘোষণা কৰিছিল মন্ত্ৰীগৰাকীয়ে।

তেওঁ অৱশ্যে কৈছিল যে সকলোৱে এই সুবিধা নাপাব কিয়নো এএছটিছিৰ ইমান বাহন নাই, কিন্তু যিমান সম্ভৱ ঘৰলৈ পঠিওৱাৰ যত্ন কৰা হ’ব।

ছাত্ৰ, মহিলা, বয়োজ্যেষ্ঠ লোকক অগ্ৰাধিকাৰ দিয়াৰ কথাও মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছিল।

পিছে এই সুবিধা গ্ৰহণৰ বাবে ফোন কৰিবলৈ মুকলি কৰা ১০৪ সেৱা অনবৰতে ব্যস্ত থকা বুলি বহু লোকে অভিযোগ স্থাপন কৰিছে।

তিনিচুকীয়াৰ পৰা কলিয়াবৰলৈ আহিবলগীয়া কৃষ্ণ উপাধ্যায় নামৰ এজন যুৱকে কালিৰে পৰা ১০৪ত যোগাযোগ কৰি আছে যদি বৰ্তমানলৈকে সংযোগ স্থাপন কৰিব পৰা নাই।

ঠিক সেইদৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড় মৰাণলৈ যাবলৈ আশাৰে বাট চাই ৰোৱা পল্লৱী বৰা আৰু দীপশিখা বৰগোহাঁয়ো বৰ্তমানলৈকে সংযোগ স্থাপন কৰিব পৰা নাই ১০৪ ফোন সেৱাৰ সৈতে।

“মই ইয়াত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰো, ভাড়া ঘৰত থাকো। মই ঘৰলৈ যাব পৰা নাই, খাদ্য যোগাৰ কৰাত, ঘৰ ভাড়া দিয়াত এতিয়া অসুবিধাৰ সন্মুখীন হৈছো। মই ঘৰলৈ যাব লাগিছিল কিন্তু এতিয়ালৈকে ১০৪ৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নাই। এই তিনিটা দিনত যাবলৈ পাম নে নাই?” নাম প্ৰকাশত অনিচ্ছুক এগৰাকী যুৱতীয়ে দুখ প্ৰকাশ কৰি কয়।

গুৱাহাটীত ভাৰাতীয়া হিচাপে থকা বহু লোকৰে ব্যক্তিগত বাহন নাই, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই তিনিটা দিনৰ ভিতৰত অসম পৰিবহণ নিগমৰ বাহনেৰে ঘৰলৈ যাব বুলি আশাৰে বাট চাই আছিল। কিন্তু বৰ্তমানলৈকে সংযোগ স্থাপন কৰিব নোৱাৰাত এতিয়া বিমোৰত পৰিছে আবদ্ধ হৈ থকা লোকসকল।

স্বাভাৱিকতে প্ৰশ্ন হয়, আবদ্ধ লোকসকলক চৰকাৰী বাছৰে ঘৰলৈ যাব পাৰিবনে?