ক’ৰ’নাৰ শৃংখল ভাঙিবলৈ দেশত কমেও ৬ৰ পৰা ৮ সপ্তাহৰ লকডাউন বিচাৰিলে কোনে?

aa12

দেশত কোভি়ডৰ সংক্রমণে কালান্তক ৰূপ ধাৰণ কৰিছে।

নিতৌ লাখ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে হাজাৰ হাজাৰ লোকে এই মাৰক ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।

এনে পৰিস্থিতিত দেশত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিলেহে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ শৃংখল ভাঙিব পৰা যাব বুলি বিভিন্ন মহলে প্ৰকাশ কৰি আহিছে।

শেহতীয়াকৈ ইণ্ডিয়ান মেডিকেল এছোচিয়েছনে সম্পূৰ্ণ লকডাউনৰ পোষকতা কৰাৰ সমান্তৰাল ভাবে এইবাৰ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিছাৰ্চে, চমুকৈ আইচিএমআৰেও বিচাৰিলে সম্পূৰ্ণ লকডাউন।

আইচিএমআৰৰ মুৰব্বী বলৰাম ভাৰ্গৱে আজি এই সন্দৰ্ভত মন্তব্য কৰি কয় যে দেশত ক’ৰ’নাৰ শৃংখল ভাঙিবলৈ কমেও ৬ৰ পৰা ৮ সপ্তাহ লকডাউন দিয়াটো উচিৎ হ’ব।

দেশত লকডাউন ঘোষণা সন্দৰ্ভত এইবাৰেই প্ৰথম কোনো এটা চৰকাৰী সংস্থাই মুখ খুলিলে।অৱশ্যে কেন্দ্ৰীয় চৰকাৰে দেশত পুনৰ সস্পূৰ্ণ লকডাউন দিয়াৰ পোষকতা কৰা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও লকডাউনৰ সলনি অন্য কোনো উপায়েৰে ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিব পাৰি নেকি সেই বিষয়ত চিন্ত কৰি থকা বুলি প্ৰায়ে কৈ আহিছে।

আইচিএমআৰৰ মুৰব্বী বলৰাম ভাৰ্গৱে এইবুলি কৈছে যে যিবোৰ অঞ্চলত ক’ৰ’নাৰ পজিটিভিটিৰ হাৰ ১০ শতাংশ হৈছে তেনে স্থানত অনতি বিলম্বে লকডাউন ঘোষণা কৰিব লাগে।

উল্লেখ্য বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩ লাখ ৬২হাজাৰ ৭২৭ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ২কোটি ৩৭লাখ ৩হাজাৰ ৬৬৫জনলৈ বৃদ্ধি পাইছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ২লাখ ৫৮ হাজাৰ ৩১৭ জন।

সেইদৰে যোৱা ২৪ ঘণ্টাত দেশত ৪ হাজাৰ ১২০ জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩লাখ ৫২হাজাৰ ১৮১ জন ৰোগীয়ে। সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ১কোটি ৯৭লাখ ৩৫ হাজাৰ ৮২৩ জন লোক।

আনহাতে, বৰ্তমানেও দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৩৭লাখ ১০হাজাৰ ৫২৫জন।

বৰ্তমানলৈ দেশত ১৭কোটি ৭২ লাখ ১৪ হাজাৰ ২৫৬ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।